
কামৰূপ, ২২নবেম্বৰ(হি.স.)। জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক মৃত্যুৰ ভাবুকি প্ৰদান কৰা অৱসৰপ্ৰাপ্ত আই এছ এছ বিষয়া হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে ক 'লা বেজ পৰিধানেৰে আজি ৰঙিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিক সকলে। ৰঙিয়া প্ৰেছ ক্লাবত দিনৰ ভাগত সমবেত হৈ কৰা প্ৰতিবাদ কালত হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী জনায়। সাংবাদিকৰ দায়িত্ব পালন কৰাৰ বাবে প্ৰাণে মৰাৰ ভাবুকি দিয়া বিতৰ্কিত অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাৰ লগতে তেওঁৰ ৮ বছৰীয়া সন্তানকো মৃত্যুৰ ভাবুকি দিয়াৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাই ।
ডেকাই সাংবাদিক গৰাকীৰ পুত্ৰ সন্তানটো ভাবুকিৰ সম্মুখীন হোৱাক লৈ আক্ষেপ প্ৰকাশ কৰি কয় যে দেৱ শিশুটো ভাবুকিৰ বলি হ'ব লগাতো অত্যন্ত মৰ্মস্পৰ্শী। ইফালে কেৱল সত্য উদঘাটনৰ বাবে সাংবাদিকক প্ৰাণে মৰাৰ ধমকি দিয়াটো গণতন্ত্ৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত পোনপটীয়া আঘাত বুলি অভিহিত কৰে সাংবাদিক সকলে । এই গুৰুতৰ ঘটনাৰ তদন্ত কৰি অভিযুক্ত বিষয়াৰ বিৰুদ্ধে আইনগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা