
কামৰূপ, ২২নৱেম্বৰ (হি.স.)।জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া হিতেশ দেৱশৰ্মাই মৃত্যুৰ ভাবুকি দিয়াৰ প্ৰতিবাদত ক'লা বেজ পৰিধান কৰি আজি ৰঙিয়া প্ৰেছ ক্লাবত সাংবাদিকৰ প্ৰতিবাদ । অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী । সাংবাদিকৰ দায়িত্ব পালন কৰাৰ বাবে প্ৰাণে মৰাৰ ভাবুকি দিয়া বিতৰ্কিত অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ প্ৰতিবাদী সাংবাদিক সমাজৰ ।
জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাৰ লগতে তেওঁৰ ৮ বছৰীয়া সন্তানকো মৃত্যুৰ ভাবুকি দিয়াৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰে সকলোৱে । কেৱল সত্য উদঘাটনৰ বাবে সাংবাদিকক প্ৰাণে মৰাৰ ধমকি দিয়াটো গণতন্ত্ৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত পোনপটীয়া আঘাত বুলি অভিহিত কৰে সাংবাদিক সকলে । এই গুৰুতৰ ঘটনাৰ তদন্ত কৰি অভিযুক্ত বিষয়াৰ বিৰুদ্ধে আইনগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু