গোৱালপাৰাত সাংবাদিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
গোৱালপাৰা, ২২ নৱেম্বৰ (হি.স.)। গোৱালপাৰাৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সাংবাদিক ৰানা ডেকাক হত্যাৰ ভাবুকি প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। বিতৰ্কিত অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া হিতেশ দেৱশৰ্মাই সাংবাদিক ৰাণা ডেকাক হত্যা আৰু
গোৱালপাৰাত সাংবাদিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী


গোৱালপাৰা, ২২ নৱেম্বৰ (হি.স.)। গোৱালপাৰাৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সাংবাদিক ৰানা ডেকাক হত্যাৰ ভাবুকি প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। বিতৰ্কিত অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া হিতেশ দেৱশৰ্মাই সাংবাদিক ৰাণা ডেকাক হত্যা আৰু সাংবাদিক জনৰ ৮ বছৰীয়া সন্তানকো ক্ষতি কৰাৰ ভাবুকি দিয়ে।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সাংবাদিক সকলে কলা বেজ পৰিধান কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলা হয়। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰাক্তন এচিএছ বিষয়া হিতেশ দেৱ শৰ্মাক অহা ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। অন্যথা আগন্তুক সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন আদি কৰি জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে চিপিআইএমৰ নেতা ননী দাসেও অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande