(আপডেট) হাজোৰ শনিয়াদীত ভয়ংকৰ পথ দূৰ্ঘটনাত দুগৰাকী ছাত্ৰী নিহত
কামৰূপ, ২২ নৱেম্বৰ (হি.স.)। কামৰূপ জিলাৰ হাজোৰ শনিয়াদীত আজি শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। এই দুৰ্ঘটনাত তীব্ৰবেগী বলেৰ'' বাহনে মহতিয়ালে তিনিগৰাকীকৈ পথচাৰী ছাত্ৰীক। টিউচনলৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা বলেৰ'' বাহনখনে মহতিয়াই লৈ যায় ছাত্ৰীক
(আপডেট) হাজোৰ শনিয়াদীত ভয়ংকৰ পথ দূৰ্ঘটনাত দুগৰাকী ছাত্ৰী নিহত


কামৰূপ, ২২ নৱেম্বৰ (হি.স.)। কামৰূপ জিলাৰ হাজোৰ শনিয়াদীত আজি শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। এই দুৰ্ঘটনাত তীব্ৰবেগী বলেৰ' বাহনে মহতিয়ালে তিনিগৰাকীকৈ পথচাৰী ছাত্ৰীক। টিউচনলৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা বলেৰ' বাহনখনে মহতিয়াই লৈ যায় ছাত্ৰীকেইগৰাকীক।

দূৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী ছাত্ৰী। আন দুগৰাকীক সংকটজনক অৱস্থাত জিএমচিএইচ লৈ প্ৰেৰণ কৰা হয়। ইফালে উত্তেজিত ৰাইজে জ্বলাই দিলে দূৰ্ঘটনা সংঘটিত কৰা বলেৰ' বাহনখন। দূৰ্ঘটনাটোত থিতাতে নিহত হোৱা আদনিন নেহাৰ(১৪) জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল। আহত ছাত্ৰী কেইগৰাকী ক্ৰমে ছাহিন আখতাৰা (১৪) আৰু নাজমিন আখতাৰা (১৪) বুলি কোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হাজো আৰক্ষী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয়।

উল্লেখ্য যে আহত ছাত্ৰী দুগৰাকীক ততাতৈয়াকৈ উত্তৰ গুৱাহাটী মাল্টি স্পেচিয়েলিটী হাস্পতাল (NORTH GUWAHATI MULTI SPECALITY HOSPITAL)ত ভৰ্তি কৰায়।

ইয়াৰে নাজমিন আখতাৰা নামৰ ছাত্ৰী গৰাকীৰ চিকিৎসালয়ত মৃত্যু হয়। আন এগৰাকী ছাত্ৰী ছাহিন আখতাৰা আইচিইউত চিকিৎসাধীন হৈ আছে। এই দুৰ্ঘটনাক লৈ ঘটনাস্থলীত উত্তেজনা অব্যাহত আছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande