
গুৱাহাটী, ২২ নৱেম্বৰ (হি স)। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচৰ প্ৰথম দিনৰ খেলৰ সামৰণি পৰে। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলা দক্ষিণ আফ্ৰিকাই খেলৰ সামৰণিত প্ৰথম ইনিংছত ৬ উইকেটত ২৪৭ ৰান সংগ্ৰহ কৰিছে। চেনুৰাণ মুথুছামিয়ে ২৫ ৰানত অপৰাজিত আৰু কাইল ভেৰেইন ১ ৰানত অপৰাজিত হৈ ৰয়।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত দক্ষিণ আফ্ৰিকাই অ’পেনাৰ আইডেন মাৰ্ক্ৰাম আৰু ৰিয়ান ৰিকেলটনৰ সৈতে ভাল আৰম্ভণি কৰে। প্ৰথম উইকেটৰ বাবে দুয়োজনে ৮২ ৰানৰ অংশীদাৰিত্ব কৰিছিল। এই অংশীদাৰিত্ব ভংগ কৰিলে যশপ্ৰীত বুমৰাহ, যিয়ে মাৰ্কৰামক বোল্ড কৰি ভাৰতক প্ৰথমটো ব্ৰেকথ্ৰু প্ৰদান কৰে। মাৰ্ক্ৰামে ৩৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতে কুলদীপ যাদৱে ৩৫ ৰান সংযোজন কৰা ৰিয়ান ৰিকেলটনক আউট কৰে। ১৬৬ ৰানত তৃতীয়টো উইকেট হেৰুৱাইছিল দক্ষিণ আফ্ৰিকাই। অধিনায়ক টেম্বা বাভুমা ৯২টা বলত ৫টা চাৰিসহ ৪১ ৰান সংগ্ৰহ কৰি আউট হয়।
কুলদীপ যাদৱে ট্ৰিষ্টান ষ্টাবছক আউট কৰি আলহী দলৰ চতুৰ্থটো উইকেটৰ পতন ঘটায় । চাৰিটা চাৰি আৰু দুটা ছয়কে ধৰি ৪৯ ৰান সংগ্ৰহ কৰি ষ্টাবছ আউট হয়। দক্ষিণ আফ্ৰিকাই ২০১ ৰানত পঞ্চমটো উইকেট হেৰুৱায়।উইয়ান মুল্ডাৰ ১৩ ৰানত আউট হয়। আফ্ৰিকান দলটোৰ ষষ্ঠ উইকেটটো টনি ডি জিঅৰ্জিৰ ৰূপত পৰিল, যিয়ে ২৮ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ স্পিনাৰ কুলদীপ যাদৱে প্ৰথম দিনাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট দখল কৰে।
দুখন মেচৰ টেষ্ট শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়ি আছে দক্ষিণ আফ্ৰিকা। কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত আফ্ৰিকান দলটোৱে ভাৰতীয় দলটোক ৩০ ৰানত পৰাস্ত কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ