
কামৰূপ, ২২ নৱেম্বৰ (হি.স.)। ৰঙিয়াৰ এজন জুবিন অনুৰাগীৰ প্ৰশংসনীয় প্ৰদক্ষেপ। যুৱকজনৰ নাম ৰাজীৱ দাস।ঘৰ ৰঙিয়াৰ ততাৰকুছিত। প্ৰিয় শিল্পী গৰাকীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এই যুৱক জনে তামুলপুৰৰ পৰা নলবাৰীলৈ প্ৰতিখন শিক্ষানুষ্ঠানত ৰুইছে নাহৰৰ পুলি । নিজৰ চাইকেলখন লৈয়ে বিদ্যালয় মহাবিদ্যালয়ত ৰুই ফুৰিছে নাহৰ গছৰ পুলি । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰঙিয়াৰ ৰাজীৱ দাস এই প্ৰশংসনীয় প্ৰদক্ষেপ। বৰ্তমান সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে ৰঙিয়াৰ এই বিশেষ যুৱক জনে। তেওঁৰ এই কৰ্মৰাজিক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে ৰঙিয়া বাসী।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু