নলবাৰীৰ পানীগাওত চোৰৰ টিঘিলঘিলনী
নলবাৰী, ২২ নৱেম্বৰ (হি.স.)। আজি দিনৰ ১২ বজাত নলবাৰীৰ পল্লা ৰোডত বেলশৰ থানাৰ অন্তৰ্গত পানীগাৱত নৱ নিৰ্মিত বৃন্দাবন ৰিজোৰ্টৰ সন্মুখত পথৰ দাতিত থকা কেবাটাও ছাগলী চোৰে চুৰি কৰি নিবলৈ ৰঙা ৰঙৰ এখন ব্ৰীজা বাহনেৰে আহিছিল । চোৰৰ দলটোৱে চাগলী কেইটা গাড়ীৰ ভ
নলবাৰীৰ পানীগাওত চোৰৰ টিঘিলঘিলনী


নলবাৰী, ২২ নৱেম্বৰ (হি.স.)। আজি দিনৰ ১২ বজাত নলবাৰীৰ পল্লা ৰোডত বেলশৰ থানাৰ অন্তৰ্গত পানীগাৱত নৱ নিৰ্মিত বৃন্দাবন ৰিজোৰ্টৰ সন্মুখত পথৰ দাতিত থকা কেবাটাও ছাগলী চোৰে চুৰি কৰি নিবলৈ ৰঙা ৰঙৰ এখন ব্ৰীজা বাহনেৰে আহিছিল ।

চোৰৰ দলটোৱে চাগলী কেইটা গাড়ীৰ ভিতৰত উঠাব চেষ্টা কৰি আছিল । এই সমস্ত ঘটনা চিচি টিভিত কেমেৰাত দেখি আছিল বৃন্দাবন ৰিজোৰ্টৰ স্বত্তাধিকাৰীয়ে ভিতৰৰ পৰা । পিছত ৰিজোৰ্টৰ স্বত্তাধিকাৰীজনে লগে লগে বাহিৰলৈ ওলাই অহাত চোৰ কেইটাই ছাগলী এৰি কোনোমতে পলায়ন কৰে । এই ঘটনাৰ পিছত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় । চোৰ কেইটাই ব্যৱহাৰ কৰা ব্ৰীজা বাহনখনৰ নম্বৰ হল এ এছ ০১ ডি এইছ ৮৮১৬।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande