
গোলাঘাট, ২২ নৱেম্বৰ (হি.স.)। গোলাঘাটত কালি নিশা ৰাষ্ট্ৰীয় ঘাইপথত বাহন আগভেটি ধৰি ডকাইতিৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী হল পৰ্টেল সাংবাদিক সহ জাতীয় সংগঠনৰ নেতা। গোলাঘাটৰ ৰঙাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি মঙলদৈ ৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এখন গাহৰি ভৰ্তি ট্ৰাকৰ চালকক ভয় ভাবুকিৰে ধন দাবী কৰি লুটপাতৰ চেষ্টা চলাওতে গোলাঘাট আৰক্ষীয়ে হাতে লোটে ধৰিবলৈ সক্ষম হয় পৰ্টেল সাংবাদিক সহ জাতীয় সংগঠনৰ তিনিজন কৰ্মীক।ধৃত কেইজনৰ নাম ক্ৰমে বিতু মুণ্ডা,ডেনিছ বৰা,প্ৰাঞ্জল বৰা,গৌতম ঠেঙাল। এও লোকে দীৰ্ঘদিন ধৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন মালবাহী বাহনৰ পৰা ধনদাবী লুটপাত চলাই অহাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে শেহতীয়াকৈ ৰঙাজানৰ এটা বাসগৃহত ডকাইতি কাণ্ড সংঘটিত হোৱা ঘটনাত জড়িত থকাৰ প্ৰমাণ পাইছে আৰক্ষীয়ে।ইফালে এই চাৰিজনৰ লগতে উক্ত ডকাইতি কাণ্ড সমূহত আৰু বহু কেইজন লোক জৰিত থকাৰ সন্দেহ গোলাঘাট আৰক্ষীৰ। বৰ্তমান চাৰিজনক আৰক্ষীয়ে মাৰাথন জেৰা চলাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ