ঢেকীয়াজুলিত ২৩ নৱেম্বৰৰ পৰা আঠ দিনীয়াকৈ অনুষ্ঠিত হব অতি ৰুদ্ৰ মহাযজ্ঞ
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। ঢেকীয়াজুলিৰ শিঙৰী ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত অহা কালিৰ পৰা ৩০ নবেম্বৰলৈ আঠ দিনীয়াকৈ অনুষ্ঠিত হব অতি ৰুদ্ৰ মহাযজ্ঞ ৷ ইয়াত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ শিঙৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীগুপ্তেশ্বৰ দে
ঢেকীয়াজুলিত ২৩ নৱেম্বৰৰ পৰা আঠ দিনীয়াকৈ অনুষ্ঠিত হব অতি ৰুদ্ৰ মহাযজ্ঞ


শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। ঢেকীয়াজুলিৰ শিঙৰী ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত অহা কালিৰ পৰা ৩০ নবেম্বৰলৈ আঠ দিনীয়াকৈ অনুষ্ঠিত হব অতি ৰুদ্ৰ মহাযজ্ঞ ৷ ইয়াত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ শিঙৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীগুপ্তেশ্বৰ দেৱালয়ত অনুষ্ঠিত হব লগা অতি ৰুদ্ৰ মহাযজ্ঞৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ আজি প্ৰস্তুতিৰ বুজ লবলৈ যজ্ঞস্থলীত আহি উপস্থিত হৈছে অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল আৰু বৰছলাৰ বিধায়ক গনেশ লিম্বু ৷বৰ্তমান শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়ত বিশাল আয়োজন চলিছে ৷

দক্ষিণ ভাৰতৰ প্ৰায় তিনিশ ব্ৰাহ্মণ পুৰোহিতে তদাৰক কৰিব অতি ৰুদ্ৰ মহাযজ্ঞ ৷ ইতিমধ্যে শতাধিক ব্ৰাহ্মণ পুৰোহিত আহি উপস্থিত হৈছে গুপ্তেশ্বৰ দেৱালয়ত ৷ প্ৰতিদিনে বিশৰ পৰা ত্ৰিশ হাজাৰ মানুহৰ সমাগম ঘটিব বুলি জানিব দিয়ে উদ্যোক্তা সকলে ৷ অতি ৰুদ্ৰ মহাযজ্ঞত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক আদৰিবলৈ এতিয়া ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে ৷ অহাকালি পুৱা ৮.৩০ বজাত আৰম্ভ হব অতি ৰুদ্ৰ মহাযজ্ঞ ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande