শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত ২ ডিচেম্বৰৰ পৰা কাশী তামিল সংগমম ৪.০
নতুন দিল্লী, ২২ নৱেম্বৰ (হি.স.)। শিক্ষা মন্ত্ৰালয়ে অহা ২ ডিচেম্বৰৰ পৰা কাশী তামিল সংগমম ৪.০ (কেটিএছ ৪.০)ৰ আয়োজন কৰিবলৈ ওলাইছে। ১৫ ডিচেম্বৰলৈকে বাৰাণসীত অনুষ্ঠিত হ’বলগীয়া এই সংগমমত তামিলনাডুৰ ১৪০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। শিক্ষা মন্ত্ৰ
শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত ২ ডিচেম্বৰৰ পৰা কাশী তামিল সংগমম ৪.০


নতুন দিল্লী, ২২ নৱেম্বৰ (হি.স.)। শিক্ষা মন্ত্ৰালয়ে অহা ২ ডিচেম্বৰৰ পৰা কাশী তামিল সংগমম ৪.০ (কেটিএছ ৪.০)ৰ আয়োজন কৰিবলৈ ওলাইছে। ১৫ ডিচেম্বৰলৈকে বাৰাণসীত অনুষ্ঠিত হ’বলগীয়া এই সংগমমত তামিলনাডুৰ ১৪০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

শিক্ষা মন্ত্ৰালয়ে শনিবাৰে এক বিবৃতিত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাৰে আৰম্ভ কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে তামিলনাডু আৰু কাশীৰ মাজত প্ৰাচীন সাংস্কৃতিক, ভাষিক, আৰু জ্ঞান পৰম্পৰাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰা। আই আই টি মাদ্ৰাজ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সমন্বয়ত আয়োজিিত এই কাৰ্যসূচীত কেইবাটাও কেন্দ্ৰীয় মন্ত্ৰালয় আৰু উত্তৰ প্ৰদেশ চৰকাৰেও সহযোগিতা আগবঢ়াইছে।

২০২২ চনৰ পৰা আৰম্ভ হোৱা সংগমে ব্যাপক জনসাধাৰণৰ অংশগ্ৰহণেৰে দুখন প্ৰাচীন সভ্যতাৰ মাজত এক শক্তিশালী সাংস্কৃতিক সেতু স্থাপন কৰিছে। চতুৰ্থ সংস্কৰণৰ বিষয়বস্তু হৈছে লাৰ্ণ তামিল – তামিল কাৰ্কলম। ইয়াৰ অধীনত সমগ্ৰ দেশতে তামিল ভাষাৰ শিক্ষাৰ প্ৰসাৰ আৰু ভাৰতৰ ধ্ৰুপদী ভাষিক ঐতিহ্যক জনপ্ৰিয় কৰি তোলাত বিশেষ গুৰুত্ব দিয়া হ’ব।

তামিলনাডুৰ পৰা ১৪০০ৰো অধিক প্ৰতিনিধিয়ে আঠ দিনীয়া অভিজ্ঞতামূলক ভ্ৰমণত নামিব। ইয়াৰ ভিতৰত থাকিব ছাত্ৰ-ছাত্ৰী, শিক্ষক, সংবাদ মাধ্যমৰ পেছাদাৰী, কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ সৈতে জড়িত, শিল্পী, মহিলা আৰু আধ্যাত্মিক পণ্ডিতসকল। তেওঁলোকে বাৰাণসী, প্ৰয়াগৰাজ আৰু অযোধ্যা ভ্ৰমণ কৰি সাংস্কৃতিক, সাহিত্যিক আৰু শৈক্ষিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

প্ৰতিনিধিসকলক কাশীৰ তামিল ঐতিহ্য ক্ষেত্ৰসমূহৰ লগতে মহাকবি সুব্ৰমণীয়া ভাৰতীৰ পূৰ্বপুৰুষৰ ঘৰ, কেদাৰ ঘাট, ক্ষুদ্ৰ তামিলনাডু অঞ্চলৰ কাশী মডাম, কাশী বিশ্বনাথ মন্দিৰ, মাতা অন্নপূৰ্ণা মন্দিৰ আদি ভ্ৰমণৰ বাবেও লৈ যাব। ইয়াৰ উপৰি বি এইচ ইউৰ তামিল বিভাগতো সাহিত্যিক আৰু শৈক্ষিক সংলাপ অনুষ্ঠিত হ’ব।

কেটিএছ ৪.০ৰ অধীনত মূল পদক্ষেপসমূহৰ ভিতৰত আছে সন্ত অগস্ত্য বাহন যাত্ৰা যিটো ২ ডিচেম্বৰৰ দিনা টেংকাছিৰ পৰা আৰম্ভ হ'ব আৰু ১০ ডিচেম্বৰত কাশীত সমাপ্ত হ'ব। এই যাত্ৰাত তামিলনাডু আৰু কাশীৰ মাজৰ প্ৰাচীন সাংস্কৃতিক পথসমূহ পুনৰ পৰিদৰ্শন কৰা হ’ব। টেংকাছিত শিৱ মন্দিৰ নিৰ্মাণ কৰি দক্ষিণ কাশীৰ ধাৰণাক গঢ় দিয়া পাণ্ড্য শাসক আদি বীৰ পৰক্ৰম পাণ্ডিয়ানৰ এতকা যাত্ৰাৰ বাবে উৎসৰ্গিত এই যাত্ৰা।

তদুপৰি তামিল কাৰ্কলাম অভিযানৰ অধীনত ৫০ গৰাকী তামিল শিক্ষকে কাশী বিদ্যালয়ত তামিল ভাষাৰ পাঠদান কৰিব। উত্তৰ প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তামিলনাডু অধ্যয়ন ভ্ৰমণ কাৰ্যসূচীৰ অধীনত মুঠ ৩০০ ছাত্ৰ-ছাত্ৰীক ১৫ দিনৰ বাবে তামিলনাডুলৈ প্ৰেৰণ কৰা হ’ব। তাত তেওঁলোকক তামিল ভাষা, সংস্কৃতি, ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব।

সকলো শিতানৰ বাবে পঞ্জীয়ন পৰ্টেল kashitamil.iitm.ac.in ত উপলব্ধ, অন্তিম তাৰিখ ২১ নৱেম্বৰ, ২০২৫, নিশা ৮ বজাত। ইফালে ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন কুইজ। তামিলনাডু অধ্যয়ন ভ্ৰমণৰ বাবে এটা নিৰ্দিষ্ট পঞ্জীয়ন পৰ্টেল kashitamil.bhu.edu.in ত উপলব্ধ। কাশী তামিল সংগমম ৪.০ হৈছে সাংস্কৃতিক বিনিময় আৰু ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য প্ৰচেষ্টা, ভাৰতৰ সভ্যতাৰ ধাৰাবাহিকতা আৰু বৈচিত্ৰতাৰ একতাৰ বাৰ্তাক আৰু অধিক শক্তিশালী কৰি তোলে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande