দিনক দিনে বৃদ্ধি পাই আহিছে বিজনীৰ উত্তৰাঞ্চলত বন্যহস্তীৰ উপদ্ৰপ
দিনক দিনে বৃদ্ধি পাই আহিছে বিজনীৰ উত্তৰাঞ্চলত বন্যহস্তীৰ উপদ্ৰপ।
দিনক দিনে বৃদ্ধি পাই আহিছে বিজনীৰ উত্তৰাঞ্চলত বন্যহস্তীৰ উপদ্ৰপ


চিৰাং, ২২ নৱেম্বৰ (হি.স.): দিনক দিনে বৃদ্ধি পাই আহিছে বিজনীৰ উত্তৰাঞ্চলত বন্যহস্তীৰ উপদ্ৰপ। যোৱা কালি শুকুৰবাৰে নিশা জাকে জাকে খাদ্যৰ সন্ধানত ওলায় আহে বনৰীয়া হাতী।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা খাদ্যৰ সন্ধানত জাকে জাকে ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ খেতি বাৰী বিনষ্ট কৰে বনৰীয়া হাতীয়ে। কালি নিশা বিজনীৰ উত্তৰাঞ্চলৰ ১৮নং মানাস ছেৰফাং সমষ্টিত প্ৰায় ৩০টা বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে মানাহ সেৰফাং সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰীয়ে। তাৰ পাছতে বনকৰ্মী সকলৰ লগত হাতী খেদাত ব্যস্ত হৈ পৰে পাৰিষদ ধনঞ্জয় বসুমতাৰী। নিজৰ সমষ্টিৰ মানুহক ৰক্ষাৰ কৰাৰ বাবে নিজেই নিশা ওলাই আহিল মানাস সেৰফাঙৰ ইউপিপিএলৰ পাৰিষদ ধনঞ্জয় বসুমতাৰী। ফটকা ফুটাই হাতীক উভতাই পঠিওৱাৰ চেষ্টা চলায় পাৰিষদ গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande