
গোলাঘাট, ২২ নৱেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ ট্ৰাক আৰু ডাম্পাৰ সন্থাই ক্ষোভ প্ৰকাশ কৰে। ক্ষোভ প্ৰকাশ কৰে চৰকাৰী বিভিন্ন বিভাগৰ বিৰুদ্ধে। বাহন সমূহৰ সঠিক নথিপত্ৰ থকাৰ স্বত্ত্বেও হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ কথা ব্যক্ত কৰে সন্থাৰ সভাপতি, সম্পাদকে।
বন বিভাগ, আৰক্ষী বিভাগ, প্ৰশাসনিক বা পৰিবহণ বিভাগৰ হাৰাশাস্তিৰ ফলত বন্ধ ৰাখিব লগীয়া হয় ট্ৰাক, ডাম্পাৰ বা জে চি বি বাহন সমূহ।বাহনৰ সঠিক মিয়াদৰ নথিপত্ৰ মজুত থকাৰ পাছতো জৰিমনা বিহাৰ অভিযোগ আনিলে সন্থাটোৰ নেতৃত্বই।বিশেষকৈ দেৰগাঁৱৰ বন বিভাগৰ বিষয়া সকলে কোনো নীতি নিয়ম নমনাকৈ অবৈধ ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন কৰে সন্থাৰ লোক সকলে। দেৰগাঁৱত নিশা হলেই দেৰগাঁও বন বিভাগৰ বিত অফিচাৰৰ নেতৃত্বত ধন সংগ্ৰহৰ বাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হয় বন বিভাগৰ বিষয়া সকলক।
ইফালে দেৰগাঁও বন বিভাগৰ কাৰ্য্যালয় সঘনাই স্থানন্তৰ কৰাকলৈও সচেতন ৰাইজৰ মাজত চৰ্চা কৰিছে। বাহনৰ গৰাকীসকল অতিষ্ঠ হৈ সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিভাগটোৰ বিৰুদ্ধে অভিযোগ দাঙি ধৰে। বাহন সমূহ অচল হৈ পৰাত এতিয়া পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এই সন্থাটোৰ লোক সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ