
হোজাই, ২২ নৱেম্বৰ (হি.স.)। লামডিং ৰেল ষ্টেচনত কালি বিয়লি জব্ধ আনুমানিক প্ৰায় ২ কোটি ৩৪ লক্ষ্য টকাৰ ড্ৰাগছ। লামডিং আৰপিএফ ৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। ট্রেইনৰ এছ-৩ কোচৰ পৰা প্ৰায় ১ কেজি ১৭ গ্ৰাম ড্ৰাগছ জব্দ কৰে। নামনিমুৱা ১৪৬১৯ আগৰতলা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ ট্ৰেইনৰ পৰা আৰপিএফ আৰু জিআৰপিৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ ড্ৰাগছ। বিভিন্ন ধৰণৰ চিপছৰ পেকেট আৰু ১৫ টা চাবোনৰ বাকচত লৈ গৈ আছিলে এই মাৰাত্মক ড্ৰাগছ খিনি।বৰ্তমান ৰেল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।বৰ্তমানৰ লৈকে কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ