
লক্ষীমপুৰ, ২২ নৱেম্বৰ (হি.স.): লক্ষীমপুৰ জিলাৰ বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত বান্দৰদেৱাৰ ২নং পাৰ্বতীপুৰ শ্মশানৰ সমীপত ডিক্ৰং নদীৰ পাৰত যোৱা কালি শুকুৰবাৰৰ বিয়লি এটা মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটো হাৰমতীৰ ২নং পাৰ্বতীপুৰ গাঁৱৰ ৺ খগেন বৰাৰ পুত্ৰ তৰুণ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।
ইতিমধ্যে বান্দৰদেৱা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিছে ৷ অৱশ্যে এতিয়ালৈকে যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই। উল্লেখ্য যে মৃত তৰুণ বৰাৰ মুখমণ্ডল আৰু কৰঙণত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ