
নগাও, ২২নৱেম্বৰ (হি.স.)।উদুলি মুদুলি ৰহা মহাবিদ্যালয়৷ ৬০ বছৰীয়া এক স্বৰ্ণিল যাত্ৰা ৰহাৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান ৰহা মহাবিদ্যালয়ৰ৷ ৬০বছৰত ভৰি দিয়া ঐতিহ্যমণ্ডিত মহাবিদ্যালয় খনত শুক্ৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে হীৰক জয়ন্তী মহোৎসৱৰ৷ আজি হীৰক জয়ন্তী উৎসৱ উদযাপনৰ দ্বিতীয়টো দিন।
দ্বিতীয় দিনৰ কাৰ্যসূচী উপলক্ষে উলিওৱা হৈছে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।মহাবিদ্য়ালয় খনত অধ্যয়নৰত একাংশ ছাত্ৰ ছাত্ৰী আৰু মহাবিদ্য়ালয় খনৰ পৰা ইতিমধ্য়ে উত্তীৰ্ণ হৈ যোৱা একাংশ প্ৰাক্তণ ছাত্ৰ ছাত্ৰী হীৰক জয়ন্তী সমাৰোোহত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰিছে। সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাত।
হীৰক জয়ন্তী সমাৰোহ উপলক্ষে
এক সাংস্কৃতিক কাৰ্য্য়সূচীৰ আয়োজন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা