
নতুন দিল্লী, ২২ নৱেম্বৰ (হি.স.)। নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) আৰু ভোট চুৰিৰ অভিযোগৰ বিৰুদ্ধে ১৪ ডিচেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছে এক বৃহৎ সমাৱেশৰ কথা ঘোষণা কৰিছে।
দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে কয় যে ভোট চুৰি ভাৰতীয় গণতন্ত্ৰৰ বাবে এক বৃহৎ ভাবুকি হৈ পৰিছে আৰু ইয়াৰ বিৰুদ্ধে দেশজোৰা বাৰ্তা প্ৰদান কৰাটো প্ৰয়োজনীয়। নিৰ্বাচনী প্ৰক্ৰিয়াত বিজেপি আৰু নিৰ্বাচন আয়োগক পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ