ইতিহাসত ২৩ নৱেম্বৰ: ২০০০ চনত বিখ্যাত চলচ্চিত্ৰ অভিনেতা বিশ্ব মোহন বদোলাৰ মৃত্যু
মঞ্চ, চলচ্চিত্ৰ, টেলিভিছনৰ বিখ্যাত ব্যক্তিত্ব বিশ্ব মোহন বডোলাৰ ২০২০ চনৰ ২৩ নৱেম্বৰত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত বি এ (অনাৰ্ছ) ডিগ্ৰী লাভ কৰি ভইচ অৱ আমেৰিকা ৰেডিঅ’ত যোগদান কৰে। এখন সৰু গাঁৱ
विश्व मोहन बडोला (फाइल फोटो)


মঞ্চ, চলচ্চিত্ৰ, টেলিভিছনৰ বিখ্যাত ব্যক্তিত্ব বিশ্ব মোহন বডোলাৰ ২০২০ চনৰ ২৩ নৱেম্বৰত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৬২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত বি এ (অনাৰ্ছ) ডিগ্ৰী লাভ কৰি ভইচ অৱ আমেৰিকা ৰেডিঅ’ত যোগদান কৰে।

এখন সৰু গাঁৱৰ পৰা ওলাই আহি মুম্বাইত স্ব-নিৰ্মিত শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। পেছাদাৰী সাংবাদিক হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৬৫ চনৰ পৰা ১৯৯৩ চনলৈ তেওঁ বিভিন্ন সন্মানীয় বাতৰি কাকত আৰু টেলিভিছনত কাম কৰিছিল। তেওঁক দক্ষিণ এছিয়াৰ দেশসমূহৰ সংবাদ বিশেষজ্ঞ হিচাপে গণ্য কৰা হৈছিল। তেওঁ আমেৰিকা, ইজিপ্ত, ছিৰিয়া, মেক্সিকো, আৰ্জেণ্টিনা, পেৰু, জাৰ্মানী, ছুইজাৰলেণ্ড, হাংগেৰী, চেকোস্লোভাকিয়া, বাংলাদেশ, শ্ৰীলংকা, ৰাছিয়া, জাপান, পাকিস্তান, নেপাল আদি দেশৰ বিষয়ে প্ৰতিবেদন দিবলৈ ভ্ৰমণ কৰিছিল।

পিছলৈ তেওঁ শিল্প জগতৰ ফালে মুখ কৰি দিল্লীৰ থিয়েটাৰত কাম কৰিবলৈ আৰম্ভ কৰে। বিশ্ব মোহন বদোলাই পাঁচ দশকৰ কেৰিয়াৰত অল ইণ্ডিয়া ৰেডিঅ’ৰ হৈ চাৰিশৰো অধিক নাটক পৰিবেশন কৰিছিল। আশুতোষ গোৱাৰিকৰৰ স্ৱাডেছকে ধৰি কেইবাখনো জনপ্ৰিয় ছবিতো অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ যোধা আকবৰ, মুন্নাভাই এম বি বি এছ আৰু জলী এল এল বি ২ত অক্ষয় কুমাৰৰ পিতৃৰ স্মৰণীয় চৰিত্ৰকে ধৰি বহুকেইখন টিভি ধাৰাবাহিক আৰু ছবিত অভিনয় কৰিছিল।

অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:

১১৬৫ - পোপ তৃতীয় আলেকজেণ্ডাৰ নিৰ্বাসনৰ পিছত ৰোমলৈ উভতি আহে।

১৭৪৪ - ব্ৰিটিছ প্ৰধানমন্ত্ৰী জন কাৰ্টেৰেটে পদত্যাগ কৰে।

১৮৯০ - ইটালীত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।

১৮৯২ - বেলজিয়ামে লোমামি-কংগো যুদ্ধত আৰবক পৰাস্ত কৰে।

১৯০৪ - আমেৰিকাৰ ছেইণ্ট লুইছত তৃতীয় অলিম্পিক গেমছৰ সামৰণি পৰে।

১৯৪৬ - ভিয়েটনামৰ হাইফংত ফ্ৰান্সৰ নৌসেনাৰ এখন জাহাজত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় আৰু ৬,০০০ লোকৰ মৃত্যু হয়।

১৯৮৩ -ত ভাৰতত প্ৰথমবাৰৰ বাবে কমনৱেলথ সন্মিলন অনুষ্ঠিত হয়।

১৯৮৪ - লণ্ডনৰ আটাইতকৈ ব্যস্ত অক্সফৰ্ড চাৰ্কাছ ষ্টেচনত অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০০০ লোক আবদ্ধ হৈ পৰে।

১৯৯৬ - অপহৃত ইথিওপিয়াৰ এখন বিমানৰ ইন্ধন শেষ হৈ ভাৰত মহাসাগৰত দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ক্ৰুসহ ১০০ জন লোকৰ মৃত্যু হয়।

১৯৯৭ - আজিৰ দিনটোতে সাহিত্য অকাডেমী বঁটা বিজয়ী নিৰাদ চি চৌধুৰীয়ে শততম জন্মদিন পালন কৰে।

২০০২ - নতুন দিল্লীত জি-২০ৰ বৈঠক আৰম্ভ হয়।

- প্ৰথমে নাইজেৰিয়াত অনুষ্ঠিত হ’বলগীয়া মিছ ৱৰ্ল্ড প্ৰতিযোগিতাখন লণ্ডনলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হয়।

২০০৬ - আমেৰিকাই ৰাছিয়াৰ জেট নিৰ্মাণ কোম্পানী চুখোইৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয়।

২০০৭ - অষ্ট্ৰেলিয়াৰ নিৰ্বাচনত লেবাৰ পাৰ্টিয়ে জয়লাভ কৰে।

২০০৮ - জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৬৫% ভোটাৰৰ ভোটদান।

২০০৯ - ফিলিপাইনছত ৩২ জন সংবাদ মাধ্যমৰ কৰ্মীৰ মৃত্যু।

জন্ম-

১৯০১ - নৱকৃষ্ণ চৌধুৰী - উৰিষ্যাৰ দ্বিতীয় মুখ্যমন্ত্ৰী।

১৯১৪ - কৃষ্ণ চন্দ্ৰ - বিশিষ্ট হিন্দী আৰু উৰ্দু গল্পকাৰ।

১৯২৬ - সত্য সাই বাবা - আধ্যাত্মিক গুৰু।

১৯৩০ - গীতা দত্ত - প্ৰখ্যাত প্লেবেক গায়িকা।

১৮৯৭ - আজিৰ দিনটোতে ভাৰতত জন্মগ্ৰহণ কৰা প্ৰখ্যাত বাংলা আৰু ইংৰাজী সাহিত্যিক আৰু পণ্ডিত নিৰদ চন্দ্ৰ চৌধুৰী।

মৃত্যু-

২০২৩ - ফাতিমা বিবি - ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ।

২০২০ - তৰুণ গগৈ - অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

২০২০ - বিশ্ব মোহন বদোলা - চলচ্চিত্ৰ অভিনেতা তথা টিভি ব্যক্তিত্ব।

১৯১২ - সখৰাম গণেশ দেওস্কৰ - বিপ্লৱী সাহিত্যিক, ইতিহাসবিদ, আৰু সাংবাদিক।

১৯৭৭ - প্ৰকাশবীৰ শাস্ত্ৰী - সংসদৰ সদস্য, সংস্কৃত পণ্ডিত, আৰু আৰ্য সমাজৰ নেতা হিচাপেও বিখ্যাত।

১৯৭১ চনৰ আজিৰ দিনটোতে ৰাম উগ্ৰ পাণ্ডে - অন্যতম সাহসী শ্বহীদ জোৱানক মহাবীৰ চক্ৰৰে সন্মানিত কৰা হয়।

১৯৩৭ - জগদীশ চন্দ্ৰ বসু - বিজ্ঞানী

১৯৯০ - ৰ'ল্ড ডাহল - ২০ শতিকাৰ মহান লেখক।

গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু উদযাপন-

ৰাষ্ট্ৰীয় চিকিৎসা দিৱস (সপ্তাহ)

ৰাষ্ট্ৰীয় ঐক্য দিৱস (সপ্তাহ)

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande