
বঙাইগাও, নৱেম্বৰ (হি.স.)। আজি অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা। উক্ত সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে। সন্দেহজনক মিঞাৰ বিৰুদ্ধে কবলৈটো কোনো বাধা নাই। ভাৰতীয় সংবিধানে সন্দেহজনক মিঞাৰ বিৰুদ্ধে কবলৈ বাধা দিয়া নাই। যি সকল সন্দেহজনক তেওলোকেহে গাত পাতি লব। ৰিপুন বৰাহে মিঞাখিনিক সন্দেহজনক বুলি কলে মইটো কোৱা নাই।
কংগ্ৰেছে অসমত ৬০ বছৰ শাসন কৰিলে কিন্তু কংগ্ৰেছে সংখ্যালঘু লোকৰ হৈ একো নকৰিলে । মাটিৰ পট্টা কংগ্ৰেছে দিব পাৰিলে হয় নিদিলে। পট্টা দিলে আজি উচ্চেদ নহলহেতেন। সেয়ে এতিয়া তেওলোকে কংগ্ৰেছক প্ৰশ্ন সুধিব। সাংবাদিকক এগৰাকী অৱসৰপ্ৰাপ্ত আমোলাই ভাবুকি দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে সাংবাদিক ৰাণা ডেকা আৰু আমোলা গৰাকীৰ ভাল সম্পৰ্ক থকা যেন লাগে। যদি সাংবাদিকৰ পিএছঅ ৰ প্ৰয়োজন হয় তেন্তে দিয়া হব।
এছআৰ ৰ যোগেদি যদি ভোটাৰ তালিকাত বহি:ৰাজ্যৰ ভোটাৰ যধে মধে সোমাব বুলি কংগ্ৰেছে কৰা অভিযোগৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি যধেমধে মানুহ সোমাই তেন্তে তেওলোকক থকা খোৱাৰ খৰছ বদ্ধি পাব। কংগ্ৰেছে কা ৰ সময়ত ডেৰ কোটি মানুহ অসমলৈ আহিব বুলি এবাৰ টেঙা আম বিক্ৰী কৰিছিল কিন্তু এইবাৰ নোৱাৰে। কংগ্ৰেছৰ অভিযোগৰ বাস্তৱ ভিত্তি নাই। ১ জানুৱাৰী মাহৰ পৰা লৰা সকলৰ বাবে বাবু আচনি প্ৰৱৰ্তন কৰিব মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ।
দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক প্ৰদীপ কুমাৰ সৰকাৰ শুই গল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। এনচিআৰটি ৰ পাঠ্যক্ৰমৰ পৰা টিপু চুলতান আৰু বাবৰক আতৰাই দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া ভাল কাম হৈছে। টিপু -চিপু ইহতক সাগৰত পেলাই দিব লাগে। ২৩,৯৪৯ গৰাকী মহিলাক আজি আচনিৰ চেক বিতৰণ সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে সাংসদ ফণী ভূষণ চৌধুৰীও উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা