কাটিগড়াৰ কালাইনত সলিল সমাধি কনমানি শিশুৰ
কাছাৰ, ২২ নৱেম্বৰ (হি.স.)। কাছাৰৰ কাটিগড়াত অঘটন। কাটিগড়াৰ কালাইনত পানীত ডুবি সলিল সমাধি ঘটিল দুই বছৰীয়া এক কণমানি শিশু কন্যাৰ। মৰ্মান্তিক এই ঘটনাটো সংঘটিত হোৱাৰ পিছত অঞ্চলটোত হুৱা দুৱা লাগে । মৃত কণমানি শিশুটিৰ নাম মাহীৰা আখটাৰ । জানিব পৰা মত
কাটিগড়াৰ কালাইনত সলিল সমাধি কনমানি শিশুৰ


কাছাৰ, ২২ নৱেম্বৰ (হি.স.)। কাছাৰৰ কাটিগড়াত অঘটন। কাটিগড়াৰ কালাইনত পানীত ডুবি সলিল সমাধি ঘটিল দুই বছৰীয়া এক কণমানি শিশু কন্যাৰ। মৰ্মান্তিক এই ঘটনাটো সংঘটিত হোৱাৰ পিছত অঞ্চলটোত হুৱা দুৱা লাগে ।

মৃত কণমানি শিশুটিৰ নাম মাহীৰা আখটাৰ । জানিব পৰা মতে, ঘৰৰ চৌহদত খেলী থাকোঁতে হঠাৎ নিৰুদ্দেশ হৈ পৰে শিশুটি। কেইঘণ্টা পাছত বাৰীৰ এটা পুখুৰীত পানীত উপঙি থকা অবস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande