বৃহত্তৰ কলগাছিয়া সংবাদকৰ্মীৰ উদ্যোগত কলাবেজ পৰিধান কৰি এই প্ৰতিবাদ
বৰপেটা, ২২ নৱেম্বৰ (হি.স.)। সাংবাদিক ৰাণা ডেকাক প্ৰাণে মৰাৰ ভাবুকি দিয়া প্ৰাক্তন আমোলা হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত কলগাছিয়াত প্ৰতিবাদ। বৃহত্তৰ কলগাছিয়া সংবাদকৰ্মীৰ উদ্যোগত কলাবেজ পৰিধান কৰি উক্ত প্ৰতিবাদ সাব্যস্ত কৰা হয়। বাক্সাৰ কাৰাগাৰৰ
বৃহত্তৰ কলগাছিয়া সংবাদকৰ্মীৰ উদ্যোগত কলাবেজ পৰিধান কৰি এই প্ৰতিবাদ


বৰপেটা, ২২ নৱেম্বৰ (হি.স.)। সাংবাদিক ৰাণা ডেকাক প্ৰাণে মৰাৰ ভাবুকি দিয়া প্ৰাক্তন আমোলা হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত কলগাছিয়াত প্ৰতিবাদ। বৃহত্তৰ কলগাছিয়া সংবাদকৰ্মীৰ উদ্যোগত কলাবেজ পৰিধান কৰি উক্ত প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বাক্সাৰ কাৰাগাৰৰ বাহিৰত জুবিন অনুৰাগীৰ ওপৰত হিতেশ দেৱ শৰ্মাৰ পুত্ৰ আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাই নিৰ্যাতন চলোৱা পোনপতীয়া সম্প্ৰচাৰ দেখুওৱাৰ বাবেই ফোনযোগে সাংবাদিকক হত্যাৰ ভাবুকি দিয়াৰ পিছতে হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে উক্ত প্ৰতিবাদ সাব্যস্ত কৰা হয়। সংবাদকৰ্মী সকলে কলগাছিয়া চাৰিআলিৰ পৰা সমদল উলিয়াই সাংবাদিকক নিৰ্যাতন বন্ধ কৰক, সাংবাদিকক ভাবুকি দিয়া নচলিব, হিতেশ দেৱ শৰ্মাক গ্ৰেপ্তাৰ কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰাক্তন আমোলা হিতেশ দেৱ শৰ্মাক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনায় প্ৰতিবাদকাৰী সাংবাদিক সকলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande