
ঢাকা, ২২ নৱেম্বৰ (হি.স.)। বাংলাদেশত শুকুৰবাৰে পুৱা হোৱা প্ৰচণ্ড ভূমিকম্পৰ ফলত শনিবাৰে পুৱালৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে। ঢাকাত ৪ জন, নাৰ্চিংহডিত ৫ জন আৰু নাৰায়ণগঞ্জত এজন লোকৰ মৃত্যু হৈছে। প্ৰায় ২০০ আহত লোকক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চৰকাৰে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে।
ইয়াৰ এদিন পূৰ্বে শুকুৰবাৰে পুৱা ১০:৩৮ বজাত বাংলাদেশত এক প্ৰবল ভূমিকম্পই ব্যাপক আতংকৰ সৃষ্টি কৰিছিল। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ উদ্ধৃতি দি ঢাকা ট্ৰিবিউনে ৰিখটাৰ স্কেলৰ ৫.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু নাৰ্চিংহডিৰ মাধাবাৰীত থকা বুলি প্ৰকাশ কৰিছে। যদিও বিভাগটোৱে ইয়াক মধ্যমীয়া ভূমিকম্প বুলি অভিহিত কৰিছিল, তথাপিও ইয়াৰ ফলত যথেষ্ট পৰিমাণে জীৱন আৰু সম্পত্তিৰ ক্ষতি হৈছিল।
ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে ভূমিকম্পৰ ফলত হোৱা আতংক আৰু লৰাঢপৰাৰ বাবে। এই পৰ্যন্ত মৃত্যু হৈছে ১০ জন লোকৰ। ঢাকাত ৪ জন লোকৰ মৃত্যু। ঢাকাৰ আৰ্মানী টোলাত এটা অট্টালিকাৰ ছাদৰ ৰেলিং ভাঙি ৩জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। বংশাল আৰক্ষী থানাৰ উপ-পৰিদৰ্শক আশীষ কুমাৰ ঘোষে এই মৃত্যুৰ কথা নিশ্চিত কৰিছে। ইফালে, ঢাকাৰ মুগদা অঞ্চলৰ মদিনা বাগত ভূমিকম্পৰ সময়ত নিৰ্মাণৰত অট্টালিকাৰ ৰেলিং ভাঙি মৃত্যু হয় মহম্মদ মাকছুদ নামৰ ৫০ বছৰীয়া নিৰাপত্তাৰক্ষীৰ। মুগদা আৰক্ষীৰ (তদন্ত) পৰিদৰ্শক আছাদুজ্জামানে নিৰাপত্তাৰক্ষীজনৰ মৃত্যু নিশ্চিত কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ