মিজোৰামত বিএছএফ আৰু নাৰ্কটিকছ বিভাগৰ ৪.৭৯ কোটি টকাৰ ড্ৰাগছ জব্দ, ম্যানমাৰৰ দুই নাগৰিককে ধৰি ৪ জনক গ্ৰেপ্তাৰ
আইজল, ২২ নৱেম্বৰ (হি.স.)। সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ গোপন সূত্ৰৰ ভিত্তিত অভিযবান চলাই বি এছ এফ আইজল আৰু মিজোৰামৰ আবকাৰী আৰু মাদক দ্ৰব্য বিভাগৰ যৌথ দলে শনিবাৰে পশ্চিম আইজল অঞ্চলত এক বৃহৎ সফলতা লাভ কৰে। যৌথ অভিযানৰ সময়ত দলটোৱে ৫.৮৯ কিলোগ্ৰাম
मिजोरम में बीएसएफ और एक्साइज-नारकोटिक्स की संयुक्त कार्रवाई में जब्त ड्ग्स के साथ गिरफ्तार आरोपितों की तस्वीर।


আইজল, ২২ নৱেম্বৰ (হি.স.)। সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ গোপন সূত্ৰৰ ভিত্তিত অভিযবান চলাই বি এছ এফ আইজল আৰু মিজোৰামৰ আবকাৰী আৰু মাদক দ্ৰব্য বিভাগৰ যৌথ দলে শনিবাৰে পশ্চিম আইজল অঞ্চলত এক বৃহৎ সফলতা লাভ কৰে। যৌথ অভিযানৰ সময়ত দলটোৱে ৫.৮৯ কিলোগ্ৰাম মেথামফেটামাইন আৰু ৪১ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে, যাৰ মুঠ মূল্য ৪.৭৯ কোটি ₹তকৈ অধিক বুলি অনুমান কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, এই অভিযানৰ সময়ত ম্যানমাৰৰ দুজন নাগৰিককে ধৰি চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। আটাইকেইজন অভিযুক্তক আটক কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বি এছ এফ আৰু ৰাজ্যৰ নাৰ্কটিক বিভাগে এই সফল অভিযানক ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰিছে।

বিষয়াসকলৰ মতে, সীমান্তৱৰ্তী অঞ্চলসমূহত এনে অভিযান আৰু অধিক তীব্ৰতৰ কৰা হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande