টিউটৰসকলক চৰকাৰৰ উপেক্ষাক লৈ সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক সংস্থাৰ ক্ষোভ
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। ৰাজ্য চৰকাৰে ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণৰ নামত শিক্ষক সকলক টিউটৰ সজাই ২০২১চনৰ পাঁচ ফেব্ৰুৱাৰীত ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰদান কৰা নিৰ্দেশ পত্ৰৰ আধাৰত আজিও টিউটৰ সকলক শি
টিউটৰসকলক চৰকাৰৰ উপেক্ষাঃ তেজপুৰত সংবাদমেল সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক (টিউটৰ) সংস্থাই   ,


শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। ৰাজ্য চৰকাৰে ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণৰ নামত শিক্ষক সকলক টিউটৰ সজাই ২০২১চনৰ পাঁচ ফেব্ৰুৱাৰীত ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰদান কৰা নিৰ্দেশ পত্ৰৰ আধাৰত আজিও টিউটৰ সকলক শিক্ষক হিচাবে উপযুক্ত মৰ্যাদা প্ৰদান কৰা নাই৷ তেওঁলোকে ন্যূনতম মাহিলী বেতনৰেই প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ আজিও কাৰ্যনিৰ্বাহ কৰি থাকিব লগীয়া হৈছে ৷

বৰ্তমান এইদৰে ৰাজ্যত কৰ্মৰত হৈ আছে ১৬ হেজাৰৰো অধিক টিউটৰ৷ এই সকল শিক্ষকৰ সন্মিলিত মঞ্চ সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক (টিউটৰ) সংস্থাই শিক্ষক সকলৰ ন্যায্য দাবীৰ সমৰ্থনত যোৱা ১০- ১২নবেম্বৰলৈ পাঁচদফীয়া দাবীৰ সমৰ্থনত অবস্থান ধৰ্মঘটৰ জৰিয়তে দাবী সমূহ উত্থাপন কৰিছিল যদিও চৰকাৰে কোনো গুৰুত্ব নিদিলে বুলি আজি তেজপুৰস্হিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাগৃহত অনুষ্ঠিত এক সংবাদ মেলত অভিযোগ কৰে৷

সংস্থাৰ সাধাৰণ সম্পাদক ভূবন শৰ্মাই অভিযোগ উত্থাপন কৰি কয় যে, সংস্থাই সকলো প্ৰাদেশিকীকৃত টিউটৰক শিক্ষক পদলৈ উন্নীত কৰা ,উপাযুক্ত বেতনেৰে নিয়মিত দৰমহা নিশ্চিত কৰা, অবসৰপ্ৰাপ্ত বা মৃত্যু বৰণ কৰা টিউটৰ শিক্ষক সকলক দহ লাখ টকাৰ এককালীন এক্স গ্ৰেছিয়া প্ৰদান কৰা,পেঞ্চন জীৱন আৰু স্বাস্থ্য বীমা আদিৰ দৰে সামাজিক সুৰক্ষাৰ আচঁনি সমূহ প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীত অহা ২৫ নৱেম্বৰত কাহিলিপাৰাস্থ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ সন্মূখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande