
যোৰহাট, ২২ নৱেম্বৰ (হি.স.)। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু শ্যেলী ফাউণ্ডেচনে আজিৰে পৰা আৰম্ভ কৰিছে এক বিশেষ প্ৰকল্প উৎসাহ । এই প্ৰকল্পৰ আধাৰত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰেৰণা যোগোৱাৰ অৰ্থে শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হয় । আজি পূৱ যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত বৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হয় ।
বৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰি দত্তই আৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত থাকে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতম জ্যোতি শইকীয়া , সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক নীহাৰিকা শইকীয়া , শ্যেলী ফাউণ্ডেচনৰ হৈ জ্যোতিশ্ৰী মহন্ত , যোৰহাট জিলা আছুৰ প্ৰাঞ্জল দত্ত , বেদান্ত ভৰালীকে ধৰি টীয়ক আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ ছাত্ৰ কৰ্মী সকল উপস্থিত থাকে । এক দুৰ্ঘটনাত পতিত হয় মৃত্যুক আঁকোৱালি লোৱা শ্যেলী বৰাৰ স্মৃতিত আৰম্ভ কৰা শ্যেলী ফাউণ্ডেচনে অনাগত দিনৰ আছুৰ সৈতে একেলগে কাম কৰি যোৱাৰ কথা উল্লেখ কৰে জ্যোতিশ্ৰী মহন্তই ।
সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰীতম জ্যোতি শইকীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক নীহাৰিকা শইকীয়াই এক বিবৃত্তিত কয় চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক আগবঢ়াই নিবলৈ ছাত্ৰ সন্থা বদ্ধপৰিকৰ আৰু এই ক্ষেত্ৰত ছাত্ৰ সন্থাই কৰণীয় কাম কাজ বিলাক আগুৱাই লৈ যাব । চৰকাৰক বিদ্যালয় সমূহৰ ক্ষেত্ৰত ল'ব লগীয়া প্ৰয়োজনীয় পদক্ষেপ সমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকল উপস্থিত থাকি এই পদক্ষেপক আদৰণি জনাই ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু