পাকিস্তানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১৭ জন বিদ্ৰোহী যোদ্ধা নিহত
ইছলামাবাদ, ২২ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বান্নু জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত ১৭ জন বিদ্ৰোহী যোদ্ধা নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। শনিবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। বান্নু জিলাৰ শ্বেৰী খেল আৰু পুক্কা পা
পাকিস্তানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১৭ জন বিদ্ৰোহী যোদ্ধা নিহত


ইছলামাবাদ, ২২ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বান্নু জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত ১৭ জন বিদ্ৰোহী যোদ্ধা নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

শনিবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। বান্নু জিলাৰ শ্বেৰী খেল আৰু পুক্কা পাহাৰ খেল এলেকাত আৰক্ষী আৰু অন্যান্য নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত তেহৰিক-ই-তালিবান পাকিস্তানৰ যোদ্ধাসকলৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰি কমেও ১৭জন তেহৰিক-ই-তালিবান যোদ্ধা নিহত হয়।

ইফালে খাইবাৰ পাখতুনখোৱাৰ আৰক্ষী মহাপৰিদৰ্শক জুলফিকাৰ হামিদে কয় যে লক্কি আৰক্ষী, সন্ত্ৰাসবাদ বিৰোধী বিভাগ (বান্নু) আৰু নিৰাপত্তা বাহিনীৰ যৌথ অভিযানত দহজন উগ্ৰপন্থী নিহত, পাঁচজন আহত আৰু তেওঁলোকৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে স্থানীয় সূত্ৰই নিহত যোদ্ধাৰ সংখ্যা প্ৰায় ১৭ জন বুলি প্ৰকাশ কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande