১২১ নং ইনফেণ্ট্ৰি বেটেলিয়ন (টি এ) গঢ় ৰিফৰ নিযুক্তি ৰেলী
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ শ''লমৰা সেনা চাউনীৰ ১২১ নং ইনফেণ্ট্ৰি বেটেলিয়ন (টেৰিটৰিয়েল আৰ্মী) GARH RIF ৰ তত্ত্বাৱধানত স্বচ্ছ আৰু সুসংগঠিভাৱে পেছাদাৰিত্ব, আৰু দক্ষ অসামৰিক-সামৰিক সমন্বয়ৰে ১৫ নৱেম্বৰ, ২০২৫ তাৰিখৰ পৰা ২৯ নৱ
১২১ নং ইনফেণ্ট্ৰি বেটেলিয়ন (টি এ) গঢ় ৰিফৰ নিযুক্তি ৰেলী


শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ শ'লমৰা সেনা চাউনীৰ ১২১ নং ইনফেণ্ট্ৰি বেটেলিয়ন (টেৰিটৰিয়েল আৰ্মী) GARH RIF ৰ তত্ত্বাৱধানত স্বচ্ছ আৰু সুসংগঠিভাৱে পেছাদাৰিত্ব, আৰু দক্ষ অসামৰিক-সামৰিক সমন্বয়ৰে ১৫ নৱেম্বৰ, ২০২৫ তাৰিখৰ পৰা ২৯ নৱেম্বৰ, ২০২৫ তাৰিখলৈ নিযুক্তি ৰেলী অনুষ্ঠিত হৈ আছে । এই নিযুক্তি ৰেলীত মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ছিকিম, পশ্চিম বংগ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

১৫ নৱেম্বৰ, ২০২৫ তাৰিখৰ পৰা ২০ নৱেম্বৰ,২০২৫ তাৰিখলৈ এই নিযুক্তি ৰেলীত মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু উজনি অসমৰ ৯খন জিলাৰ পৰা ২০০০ৰো অধিক প্ৰাৰ্থীৰ পঞ্জীয়ন কৰা হয়। অনাগত দিনত বাকী ৰাজ্যসমূহৰ পৰা আবেদনকাৰী আহি পোৱাৰ লগে লগে অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই নিযুক্তি ৰেলীত অতিমাত্ৰা ভিৰ ৰোধ কৰিবলৈ তথা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ টেৰিটৰিয়েল আৰ্মীয়ে জিলাভিত্তিক আৰু ৰাজ্যভিত্তিক প্ৰক্ৰিয়াটো পদ্ধতিগতভাৱে অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

এই অনুষ্ঠানত ভাৰতীয় সেনা, শোণিতপুৰ জিলা প্ৰশাসন আৰু সহযোগী সংস্থাসমূহৰ মাজত উচ্চ মানদণ্ডৰ দক্ষ সমন্বয়, পৰিস্কাৰ-পৰিচ্ছন্নতা , অনাময় ব্যৱস্থা, সুৰক্ষা আৰু অত্যাৱশ্যকীয় সেৱা নিশ্চিত কৰা হৈছে। এই নিযুক্তি ৰেলীৰ সময়ত প্ৰতিদিনে কাৰ্যবাহী দণ্ডাধীশ আৰু অসামৰিক চিকিৎসা দলৰ উপস্থিতিয়ে নিৰাপদ আৰু অঘটনমুক্ত কাৰ্য্যকলাপত অৰিহণা যোগাই অহাৰ লগতে দক্ষ পৰিকল্পনা আৰু ব্যৱস্থাপনাই নিৰৱচ্ছিন্ন ভিৰ নিয়ন্ত্ৰণ, নথিপত্ৰ, আৰু প্ৰাৰ্থীৰ গতিবিধি নিশ্চিত কৰি থকা পৰিলক্ষিত হৈছে। এই ৰেলীত সেনাবাহিনীৰ সেৱাৰ নীতি-নিয়মৰ সৈতে সংগতি ৰাখি কিছু কল্যাণমূলক ব্যৱস্থা গ্ৰহণ কৰা অনুসৰি নিযুক্তি ৰেলীত নিৰ্বাচিত প্ৰাৰ্থী সকলৰ বাবে বিনামূলীয়া খাদ্য, জিৰণি লোৱা ঠাই, প্ৰাৰ্থীসকলৰ বাবে সহায়কাৰী দলকে ধৰি গোটেই প্ৰক্ৰিয়াটোত নিৰ্বাচিত প্ৰাৰ্থী সকলক সহায় কৰিবলৈ ব্যৱস্থা কৰা হৈছে।

উল্লেখযোগ্য যে, যোগ্যতা ভিত্তিক মূল্যায়ন কঠোৰভাৱে মানি চলাৰ লগতে ন্যায়পৰায়ণতা আৰু অসাধুতাৰ প্ৰতি শূণ্য সহনশীলতা মনোভাৰে অনুষ্ঠিত হোৱা এই নিযুক্তি ৰেলী প্ৰশংসিত হৈছে। শাৰীৰিক পৰীক্ষাৰ অন্তৰ্গত উচ্চতা নিৰূপণ, দৌৰ, শাৰীৰিক পৰীক্ষা, জোখ-মাখ, নথিপত্ৰ আৰু চিকিৎসা পৰীক্ষাকে ধৰি নিৰ্ধাৰিত নীতি সম্পূৰ্ণৰূপে পালন কৰি এই নিযুক্তি ৰেলী অনুষ্ঠিত কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande