লংকাৰ মাজ মজিয়াত থকা পিয়লী ফুকন মাৰ্কেটত চাঞ্চল্যকৰ চুৰিকাণ্ড
হোজাই, ২১ নৱেম্বৰ (হি.স.)। লংকাৰ মাজ মজিয়াত থকা পিয়লী ফুকন মাৰ্কেটত চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । দোকানৰ ওপৰৰ টিং কাটি চোৰে দুখনকৈ দোকানত সংঘটিত কৰে চুৰিকাণ্ড । এখন কাপোৰৰ দোকান আৰু এখন গালামালৰ দোকানত সংঘটিত হয় এই চুৰিকাণ্ড । গে
লংকাৰ মাজ মজিয়াত থকা পিয়লী ফুকন মাৰ্কেটত চাঞ্চল্যকৰ চুৰিকাণ্ড


হোজাই, ২১ নৱেম্বৰ (হি.স.)। লংকাৰ মাজ মজিয়াত থকা পিয়লী ফুকন মাৰ্কেটত চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ।

দোকানৰ ওপৰৰ টিং কাটি চোৰে দুখনকৈ দোকানত সংঘটিত কৰে চুৰিকাণ্ড । এখন কাপোৰৰ দোকান আৰু এখন গালামালৰ দোকানত সংঘটিত হয় এই চুৰিকাণ্ড ।

গেলামালৰ দোকানৰ পৰা ২৫০,০০০ লাখ টকা লুটি নিয়াৰ বিপৰীতে কাপোৰৰ দোকানৰ পৰা লুটি নিয়ে ৩ হেজাৰকৈ টকা । লংকা আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ মান নিলগতে এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰাকেশ কুমাৰ আগৰৱালা ওৰফে গুদুৰ আৰু বাবুলাল প্ৰজাপতি নামৰ ব্য়ৱসায়ীদ্বয়ৰ দোকানত এই চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande