যুৱ সৃষ্টিশীল শক্তিয়ে বিশ্ববাসীক ক’ব ভাৰতৰ অকথিত কাহিনী
পানাজী, ২১ নৱেম্বৰ (হি.স.)। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰায় ১৩০ গৰাকী যুৱ চুটি ছবি নিৰ্মাতাক সৃষ্টিশীল আৰু উদ্দেশ্যপ্ৰণোদিত চিনেমাৰ ভৱিষ্যতৰ আশা হিচাপে অনুপ্ৰাণিত আৰু উৎসাহিত কৰা হৈছে। পানাজিৰ কলা একাডেমীত চিএমঅ’টি (Cre
IFFI 2025 : CMOT


IFFI 2025 : CMOT


পানাজী, ২১ নৱেম্বৰ (হি.স.)। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰায় ১৩০ গৰাকী যুৱ চুটি ছবি নিৰ্মাতাক সৃষ্টিশীল আৰু উদ্দেশ্যপ্ৰণোদিত চিনেমাৰ ভৱিষ্যতৰ আশা হিচাপে অনুপ্ৰাণিত আৰু উৎসাহিত কৰা হৈছে।

পানাজিৰ কলা একাডেমীত চিএমঅ’টি (Creative Minds of Tomorrow) অধিৱেশনৰ জৰিয়তে চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় দিন আৰম্ভ হয়, য’ত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগান, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক সঞ্জয় জাজু আৰু শ্বৰ্টছ টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া কাৰ্টাৰ পিলচাৰে অংশগ্ৰহণ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১৩০ গৰাকী যুৱ চুটি ছবি নিৰ্মাতাৰ পাঁচটা দল উপস্থিত থাকে।

অধিৱেশনৰ আৰম্ভণিতে মুৰুগান ডাঙৰীয়াই কয় যে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি যুৱ প্ৰতিভাক উৎসাহিত কৰাৰ পদক্ষেপ আৰম্ভ হৈছিল, তেতিয়া অতি কম সংখ্যক লোক আগবাঢ়ি আহিছিল। আজি ১০০০ৰো অধিক প্ৰৱেশ পত্ৰ লাভ কৰা হৈছে, আৰু ১২৫ খন ৰচনা নিৰ্বাচিত কৰা হৈছে। তেওঁ কয় যে এই নতুন সৃষ্টিকৰ্তাসকলে ভাৰতৰ ভৱিষ্যত চিনেমাৰ ভেটি গঠন কৰিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলে ভাৰতক চলচ্চিত্ৰ জগতত আগশাৰীৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে ভাৰত ঐতিহাসিকভাৱে গল্পৰ দেশ হৈ আহিছে। ইয়াত লাখ লাখ কাহিনী সিঁচৰতি হৈ আছে যদিও এতিয়ালৈকে মাত্ৰ কেইশমান কাহিনীহে কোৱা হৈছে। এই যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলে এই অকথিত কাহিনীবোৰ ক’লে ভাৰতীয় চিনেমাই বহু উচ্চতাত উপনীত হ’ব।

শ্বৰ্টছ টিভিৰ চিইঅ’ কাৰ্টাৰ পিলচাৰে কয় যে এই চুটি ছবিসমূহৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পাৰি যে চুটি ছবিয়েই হৈছে ভৱিষ্যতৰ চিনেমা। এই প্ৰেক্ষাপটত যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকল অতি গুৰুত্বপূৰ্ণ হৈ পৰে। তেওঁ ৫টা যুৱ চলচ্চিত্ৰ নিৰ্মাতাৰ দলক ৪৮ ঘণ্টাত এখন ছবি নিৰ্মাণ কৰিবলৈ প্ৰত্যাহ্বান জনায়, বিজয়ীক পুৰস্কাৰ প্ৰদান কৰা হয়।

পিছত মন্ত্ৰীগৰাকীয়ে ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰোৰ সৈতে গ্ৰুপ ফটোৰ বাবে পোজ দিয়ে।

কাৰ্যসূচীৰ আৰম্ভণিতে তেওঁলোকৰ কল্পনাশক্তি আৰু সৃষ্টিশীল প্ৰবৃত্তিক চোকা কৰিবলৈ ডিজাইন কৰা মাষ্টাৰক্লাছৰ জৰিয়তে আগন্তুক ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ প্ৰত্যাহ্বানৰ বাবে তেওঁলোকক প্ৰস্তুত কৰা হৈছিল। ইয়াৰ পিছত দলসমূহে নিজৰ ৰেচেৰ বাবে ৰাওনা হয়। তেওঁলোকে স্থানসমূহ স্কাউট কৰিছিল, নিজৰ সম্ভাৱনাৰ মেপ তৈয়াৰ কৰিছিল আৰু কাউণ্টডাউন আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে জীৱন্ত কৰি তুলিবলৈ আগ্ৰহী কাহিনীবোৰ গঢ় দিবলৈ আৰম্ভ কৰিছিল। এই ডেকা মনবোৰে পৰিকল্পনা, আলোচনা আৰু সপোন দেখা চাই এনে লাগিল যেন সঁচাকৈয়ে বিশেষ আৰু সঁচাকৈয়ে সৃষ্টিশীল কিবা এটাৰ আৰম্ভণি।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande