মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ
গোৱালপাৰা, ২১ নৱেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত কালি নিশা উপদ্ৰৱ চলায় বনৰীয়া হাতীয়ে । নিশা বনৰীয়া হাতীৰ জাকে মাটিয়াৰ সিধাবাৰী কেম্পত উপদ্ৰৱ চলাই তিনিটা দৰিদ্ৰ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে । জানিব
মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ


গোৱালপাৰা, ২১ নৱেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত কালি নিশা উপদ্ৰৱ চলায় বনৰীয়া হাতীয়ে । নিশা বনৰীয়া হাতীৰ জাকে মাটিয়াৰ সিধাবাৰী কেম্পত উপদ্ৰৱ চলাই তিনিটা দৰিদ্ৰ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে । জানিব পৰা মতে, বনৰীয়া হাতীয়ে গাঁওখনৰ কাৰ্তিক হাজং, ধংশৰাজ হাজং আৰু কোকিলা দালুঙৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে ।

বনৰীয়া হাতীৰ জাকটোৱে পশ্চিম মাটিয়া, বাকাইটাৰী, গুণিয়ালগুৰি, সিধাবাৰী আদি অঞ্চলৰ বৃহৎ পৰিমাণৰ শালিধানৰ খেতি খাই তহিলং কৰিছে । বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে কেইবাজন লোকৰ। নিশা প্ৰায় শতাধিক লোকে জুই জ্বলাই, ফটকা ফুটাই হাতীৰ জাকটো খেদিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। বনৰীয়া হাতীৰ এনে উপদ্ৰৱত আতংকময় পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande