(আপডেট) তামুলপুৰত লৌহ-মানৱৰ একতাৰ পদযাত্ৰাৰ সফল আয়োজন
তামুলপুৰ, ২১ নৱেম্বৰ (হি.স.)। লৌহ-মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলে যি একতাৰ বান্ধোনেৰে আমাক বান্ধি থৈ গ''ল, তেখেতে যি স্বদেশপ্ৰেম আমাক দেখুৱাই থৈ গ''ল, তেখেতে স্বচ্ছ ভাৰতৰ যি আদৰ্শ দেখুৱাই থৈ গ''ল, সেই কথা সকলোৱে চিৰদিন শ্ৰদ্ধাৰে সুঁৱৰিব। গতিকে এই
তামুলপুৰত লৌহ-মানৱৰ একতাৰ পদযাত্ৰাৰ সফল আয়োজন।


তামুলপুৰ, ২১ নৱেম্বৰ (হি.স.)। লৌহ-মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলে যি একতাৰ বান্ধোনেৰে আমাক বান্ধি থৈ গ'ল, তেখেতে যি স্বদেশপ্ৰেম আমাক দেখুৱাই থৈ গ'ল, তেখেতে স্বচ্ছ ভাৰতৰ যি আদৰ্শ দেখুৱাই থৈ গ'ল, সেই কথা সকলোৱে চিৰদিন শ্ৰদ্ধাৰে সুঁৱৰিব। গতিকে এই হেন ব্যক্তিত্বৰে বিৰাজিত আমাৰ শ্ৰদ্ধাৰ লৌহ-মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শ আমি সকলোৱে ল'ব লাগে। ―তামুলপুৰ জিলা প্ৰশাসনে আয়োজন কৰা চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জন্মজয়ন্তীৰ আদৰণী ভাষণত এনেদৰে উল্লেখ কৰে জিলাখনৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে।

আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা মটঙা চ'কলৈ উলিওৱা একতাৰ যাত্ৰা কাৰ্যসূচী পতাকা জোকাৰি মুকলি কৰে জিলা আয়ুক্তগৰাকীয়ে। এই পদযাত্ৰা আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত সাংবাদিকৰ সন্মুখত জিলা আয়ুক্তগৰাকীয়ে কয়, আজি আমাৰ এই পদযাত্ৰাই সমগ্ৰ জিলাখনক দেশপ্ৰেমৰ ভাবেৰে পুনৰ উদ্বুদ্ধ কৰি তুলিব। পদযাত্ৰা আৰম্ভ হোৱাৰ আগতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়। আমন্ত্ৰিত দলসমূহে বড়ো আৰু বিহুনৃত্য প্ৰদৰ্শন কৰাৰ উপৰি তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দেশপ্ৰেমমূলক গীতৰ আধাৰত এটা নৃত্য‌ও প্ৰদৰ্শন কৰে। লগতে ২৪ নং এপিবিএনৰ জোৱানসকলে বেণ্ড প্ৰদৰ্শন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা, প্ৰদৰ্শনী তথা সৰুকৈ বাণিজ্যিক মেলাৰো আয়োজন কৰা হয়। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবুৰাম পেগু, কৰ্নেল অভিষেক ত্যাগী, জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, জ্যেষ্ঠ নাগৰিক, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আদিয়ে অংশগ্ৰহণ কৰে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে সংবাদ মাধ্যমক জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande