
কোকৰাঝাৰ, ২১ নৱেম্বৰ (হি.স.)। বিপিএফ পৰিষদীয় চৰকাৰে সদ্যহতে গঠন কৰা ফকিৰাগ্ৰাম পৌৰসভাৰ নতুন কমিটিয়ে কাৰ্যভাৰ গ্ৰহণ কৰি পৌৰসভা এলেকাৰ সমস্যা অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ আশ্বাস প্ৰদান কৰিছে পৌৰপতি ছুলতান আলম আহমেদে৷ পৌৰপতি গৰাকীয়ে শপত গ্ৰহনৰ পিছত কাৰ্যলয়ত বহিয়েই প্ৰতিটো ওৱাৰ্ডৰ সদস্য সকলক লৈ বৈঠক অনুষ্ঠিত কৰি সেইমতে কাম আৰম্ভ কৰিব বুলি সদৰি কৰিছে৷
এনেকি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদীয় চৰকাৰৰ দিনত ফকিৰাগ্ৰাম পৌৰসভাৰ উন্নয়নৰ ক্ষেত্ৰত বিপিএফৰ মুৰব্বী গৰাকীয়ে আৰ্থিক অনুদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে৷অৱশ্যে ফকিৰাগ্ৰাম পৌৰসভাৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত প্ৰতিগৰাকী ৰাইজৰ সহায়-সহযোগ কামনা কৰে৷আনহাতে ফকিৰাগ্ৰামত ৰেলৱে গেটত সদায়ে সৃষ্টি হোৱা অভাৱনীয় যানজঁটৰ সমস্যা সমাধান কল্পে অচিৰেই ফকিৰাগ্ৰামত উৰনীয়া হেতু নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ