শ্বেয়াৰ বজাৰ ৰঙা ৰঙত মুকলি, চেন্সেক্স ২৪৩ পইণ্ট হ্ৰাস, নিফটি ২৬,১০৫ পইণ্টত
নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিন শুকুৰবাৰে ষ্টক মাৰ্কেট ৰঙা ৰঙেৰে মুকলি হয়। শ্বেয়াৰ বজাৰৰ দুয়োটা প্ৰধান সূচকাংক চেন্সেক্স আৰু নিফটিৰ হ্ৰাস অব্যাহত আছে। বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্সৰ মূল্য ২৪২.৫৩ পইণ্ট বা ০.২৮
शेयर बाजार के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিন শুকুৰবাৰে ষ্টক মাৰ্কেট ৰঙা ৰঙেৰে মুকলি হয়। শ্বেয়াৰ বজাৰৰ দুয়োটা প্ৰধান সূচকাংক চেন্সেক্স আৰু নিফটিৰ হ্ৰাস অব্যাহত আছে।

বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্সৰ মূল্য ২৪২.৫৩ পইণ্ট বা ০.২৮ শতাংশ হ্ৰাস পাই ৮৫,৩৯০.১৫ টকাত ব্যৱসায় কৰা হৈছে। নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই) নিফটিৰ মূল্য ৮৬.৫০ পইণ্ট বা ০.৩৩ শতাংশ হ্ৰাস পাই ২৬,১০৫.৬৫ টকাত ব্যৱসায় কৰা হৈছে।

ইফালে ৩০টা চেন্সেক্সৰ ষ্টকৰ ভিতৰত ২৩টা ষ্টক হ্ৰাস পোৱাৰ বিপৰীতে ৫০টা নিফ্টিৰ ষ্টকৰ ভিতৰত ৪৪টা ষ্টক হ্ৰাস পাইছে। এন এছ ইৰ সকলো খণ্ডই তললৈ নামিছে। আটাইতকৈ বেছি হ্ৰাস হৈছে মেটাল, বেংকিং, আৰু ৰিয়েলিটি ষ্টক।

উল্লেখযোগ্য যে কালি বৃহস্পতিবাৰে ৩০ শ্বেয়াৰৰ বিএছই চেন্সেক্স ৪৪৬.২১ পইণ্ট জপিয়াই ৮৫,৬৩২.৬৮ পইণ্টত বন্ধ হোৱাৰ বিপৰীতে ৫০ শ্বেয়াৰৰ এনএছই নিফটিয়ে ১৩৯.৫০ পইণ্ট বৃদ্ধিৰে ২৬,১৯২.১৫ পইণ্টত বন্ধ হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande