সোণাপুৰত কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ উত্তাল প্ৰতিবাদ
গুৱাহাটী, ২১ নৱেম্বৰ (হি.স.)। সোণাপুৰত কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ উত্তাল প্ৰতিবাদ। ষষ্ঠ অনুসূচী এলেকাৰ বাহিৰৰ কাৰ্বিসকলক দীৰ্ঘদিনে কৰি থকা বঞ্চনাৰ বিৰুদ্ধে বাহিৰ কৰা হ''ল প্ৰতিবাদী সমদল। কাৰ্বিসকলক শীঘ্ৰে অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদান কৰা, ট্ৰাই
সোণাপুৰত কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ উত্তাল প্ৰতিবাদ,,


সোণাপুৰত কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ উত্তাল প্ৰতিবাদ,,


গুৱাহাটী, ২১ নৱেম্বৰ (হি.স.)। সোণাপুৰত কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ উত্তাল প্ৰতিবাদ। ষষ্ঠ অনুসূচী এলেকাৰ বাহিৰৰ কাৰ্বিসকলক দীৰ্ঘদিনে কৰি থকা বঞ্চনাৰ বিৰুদ্ধে বাহিৰ কৰা হ'ল প্ৰতিবাদী সমদল।

কাৰ্বিসকলক শীঘ্ৰে অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদান কৰা, ট্ৰাইবেল বেল্ট ব্লকৰ ভূমিৰ অবৈধ হস্তান্তৰ বন্ধ কৰা,বনাঞ্চলৰ কাৰ্বি গাঁওসমূহ ৰাজহ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰাকে ধৰি আন কেইবাটাও দাবীৰ সমৰ্থনত সোণাপুৰ চামতাৰ ফং আৰি ক্ষেত্ৰৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত কেইবাশতাধিক কাৰ্বি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে।

এই প্ৰতিবাদী সমদল সোণাপুৰ সমজিলা কাৰ্যালয়ত সামৰণি পেলোৱা অন্তত দাবী সম্বলিত স্মাৰক পত্ৰ সমজিলা আয়ুক্তৰ যোগেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। অনাগত দিনত দাবীসমূহ পূৰণ নকৰিলে আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande