
কোকৰাঝাৰ, ২১ নৱেম্বৰ (হি.স.)। আদিৱাসীক জনজাতিকৰণ, আদিৱাসী শান্তি চুক্তি ৰূপায়ণ, ভূমিৰ পট্টা প্ৰদান, চাহ বাগানৰ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১টকালৈ বৃদ্ধি কৰা আৰু ১৯৯৬, ১৯৯৮ আৰু ২০১৪ চনৰ গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ দাবীত কোকৰাঝাৰত আজি আছাৰ বিশাল প্ৰতিবাদী সমদল ৷কোকৰাঝাৰৰ ডিমল গাঁৱস্থিত খেল পথাৰৰ পৰা গ্ৰীণফিল্ডলৈ উলিওৱা হৈছে বিশাল প্ৰতিবাদী দলটো ৷আছাৰ সমদলত আদিৱাসী জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ নেতৃবৰ্গৰ লগতে প্ৰায় ২০ সহস্ৰাধিক আদিৱাসী ৰাইজে হাতে হাতে বেনাৰ ফেষ্টুন লৈ অংশগ্ৰহণ কৰি ন’ এছটি ন’ ৰেষ্ট , আমাক লাগে মাটিৰ পাট্টা , অসম চৰকাৰ গো বেক , জাগ জাগিজা জাগিজা আদিৱাসী জাগিজা , আদি শ্ল’গান দি কোকৰাঝাৰ চহৰৰ আকাশ বতাহ কপাই তোলে ৷
উল্লেখ্য যে আছাৰ উদ্যোগত উলিওৱা বিশাল প্ৰতিবাদী সমদলত সদৌ অসম আদিৱাসী মহিলা সন্থা, সদৌ কুৰুখ ছাত্ৰ সন্থা, এভিএছএআৰ, আদিৱাসী সেৱা সমিতি , সদৌ লৌহাৰ কুমাৰ ছাত্ৰ সন্থা, সদৌ মুণ্ডা মাণ্ডলিক কমিটি, জাহেৰ ছাগুন বেছি, অসম চাহ মজদুৰ সংঘ , চিটু আদি সংগঠনে অংশগ্ৰহণ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ