
বেংগালুৰু, ২১ নৱেম্বৰ (হি.স.)। ভাৰতীয় বিজ্ঞানীসকলে এনে এক নতুন প্ৰযুক্তি উদ্ভাৱন কৰিছে যাৰ ফলত জিংক-আয়ন বেটাৰীয়ে অধিক শক্তি জমা কৰিব পাৰে, বেছি দিন টিকিব পাৰে আৰু পৰিৱেশৰ ক্ষতি কম কৰে। এই প্ৰযুক্তি ভৱিষ্যতে লিথিয়াম বেটাৰীৰ এক উন্নত আৰু নিৰাপদ বিকল্প হ’ব পাৰে।
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ বেংগালুৰুৰ চেণ্টাৰ ফৰ নেন’ এণ্ড ছফ্ট মেটাৰ ছায়েন্স (চিইএনএছ)ৰ বিজ্ঞানীসকলে এই সফলতা লাভ কৰিছে। গৱেষক দলটোৰ নেতৃত্বত আছিল ড০ আশুতোষ কুমাৰ সিং।
বিজ্ঞানীসকলে কয যে তেওঁলোকে এক অনন্য তাপ-বিদ্যুৎ ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে ভেনাডিয়াম অক্সাইড নামৰ গতানুগতিক পদাৰ্থ এটাৰ গঠন সলনি কৰি ইয়াক অধিক শক্তি-দক্ষ কৰি তুলিছিল। নতুন পদাৰ্থ জিংক-ভেনাডিয়াম অক্সাইডে বেটাৰীত জিংক আয়নৰ গতিবিধি সহজ কৰি তোলে, যাৰ ফলত বেটাৰী দ্ৰুতভাৱে চাৰ্জ হ’ব পাৰে, অধিক শক্তি জমা কৰিব পাৰে আৰু অধিক সময়ৰ বাবে অৱক্ষয় প্ৰতিৰোধ কৰিব পাৰে।
এতিয়ালৈকে বিজ্ঞানীসকলে জিংক-আয়ন বেটাৰীত বিভিন্ন অক্সাইড পদাৰ্থ ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল যদিও আকাংক্ষিত ফলাফল লাভ নকৰাকৈয়ে। ভাৰতীয় বিজ্ঞানীসকলৰ এই আৱিষ্কাৰক জিংক-আয়ন বেটাৰী প্ৰযুক্তিৰ এক বৃহৎ উন্নতি বুলি গণ্য কৰা হয়। এই গৱেষণা এডভান্সড এনাৰ্জি মেটেৰিয়েলছ নামৰ আলোচনীখনত প্ৰকাশ পাইছে।
এই অধ্যয়নৰ সহ-লেখক ৰাহুল দেৱ ৰায়ে কয় যে দলটোৱে কেথ’ড পদাৰ্থটোক অধিক সুস্থিৰ আৰু কাৰ্যক্ষম কৰি তুলিবলৈ অতি সহজ অথচ অতি ফলপ্ৰসূ পদ্ধতি গ্ৰহণ কৰিছে। এই কৌশল ভৱিষ্যতে অন্যান্য বেটাৰীৰ সামগ্ৰীৰ উন্নতিৰ ক্ষেত্ৰতো উপযোগী হ’ব পাৰে।
বিশেষজ্ঞসকলৰ মতে এই আৱিষ্কাৰে ভৱিষ্যতে সেউজ শক্তি আৰু বহনক্ষম বেটাৰী প্ৰযুক্তিৰ বাবে এক নতুন দিশ প্ৰদান কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ