তামুলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্য যাত্ৰা
তামুলপুৰ, ২১ নৱেম্বৰ (হি.স.)। তামুলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্য যাত্ৰা। ভাৰতৰ লৌহপুৰুষ, জাতীয়তাবাদী নেতা, স্বাধীনতা আন্দোলনৰ এজন অন্যতম প্ৰতিষ্ঠাপক চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বৰ্ষীয় জন্মজয়ন্তীৰ লগত সংগতি ৰাখ
তামুলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্য যাত্ৰা


তামুলপুৰ, ২১ নৱেম্বৰ (হি.স.)। তামুলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্য যাত্ৰা।

ভাৰতৰ লৌহপুৰুষ, জাতীয়তাবাদী নেতা, স্বাধীনতা আন্দোলনৰ এজন অন্যতম প্ৰতিষ্ঠাপক চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বৰ্ষীয় জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ঐক্য যাত্ৰা শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে।

আজি পুৱাৰ ভাগত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবুৰাম পেগু, তথা জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পন কৰে। ইয়াৰ পিছতেই বিহু, বাগৰুম্বা, বৈশাগু নৃত্য তথা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে নৃত্য প্ৰদৰ্শন কৰে আৰু ২৪ বি এন এ পি বি এন এ দেশভক্তিমূলক বেণ্ড প্ৰদৰ্শিত কৰে। ইয়াৰ সমান্তৰালভাৱে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ পৰা এক বিশেষ পদযাত্ৰা উলিওৱা হয়। উক্ত পদযাত্ৰাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু কিছুমান বিশেষ প্ৰদৰ্শনীও দেখুওৱা হয়।

আজিৰ এই পদযাত্ৰাত তামুলপুৰৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ শিল্পীসকলে অংশগ্ৰহণ কৰাৰ লগতে উক্ত দিনজোৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী তথা জ্যেষ্ঠ নাগৰিককে আদি কৰি তামুলপুৰীয়া ৰাইজে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। আজিৰ এই কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবুৰাম পেগু, অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংছ', অৰুণিমা কাকতি, অজিতাভ ভৌমিককে ধৰি জিলা প্ৰশাসনৰ কেবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande