বৰাকৰ তিনিওখন জিলাৰ প্ৰদূষণৰ নমুনা পৰীক্ষা কৰাৰ বাবে শিলচৰত স্থায়ী পৰীক্ষাগাৰৰ‌ ভূমিপুজন
কাছাৰ, ২১ নৱেম্বৰ (হি.স.)। বৰাকৰ তিনিওখন জিলাৰ প্ৰদূষণৰ নমুনা পৰীক্ষা কৰাৰ বাবে শিলচৰত স্থায়ী পৰীক্ষাগাৰৰ‌ ভূমিপুজণ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিলচৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় স্থাপনৰ বাবে ভূমি পুজন সম্পন্ন কৰা হ''ল। বৃহস্পতিবাৰে শিলচৰৰ
বৰাকৰ তিনিওখন জিলাৰ প্ৰদূষণৰ নমুনা পৰীক্ষা কৰাৰ বাবে শিলচৰত স্থায়ী পৰীক্ষাগাৰৰ‌ ভূমিপুজন


কাছাৰ, ২১ নৱেম্বৰ (হি.স.)। বৰাকৰ তিনিওখন জিলাৰ প্ৰদূষণৰ নমুনা পৰীক্ষা কৰাৰ বাবে শিলচৰত স্থায়ী পৰীক্ষাগাৰৰ‌ ভূমিপুজণ।

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিলচৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় স্থাপনৰ বাবে ভূমি পুজন সম্পন্ন কৰা হ'ল। বৃহস্পতিবাৰে শিলচৰৰ দুধপাটিল দ্বিতীয় খণ্ডত চৰকাৰে মঞ্জুৰ কৰা তিনি বিঘা মাটিত শিলচৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যলয়‌ স্থাপনৰ বাবে ভূমি পূজন কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰ আৰু সচিব গৌতম কৃষ্ণ মিশ্ৰই।

উদাৰবন্দ সমষ্টিৰ অন্তৰ্গত দুধপাটিলত স্হাপন হ'ব লগা এই ভুমিপুজণ অনুষ্ঠানত বিধায়ক মিহিৰ কান্তি সোম,পৰিষদৰ শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা অৰবিন্দ দাস সহ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্হানীয় লোক উপস্থিত থাকে। ভূমি পূজন সম্পন্ন হোৱাৰ পিছত কিছু দিনৰ ভিতৰতে পৰীক্ষাগাৰ আৰু কাৰ্যলয়‌ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰই। তেখেতে লগতে আৰু কয় যে দীৰ্ঘদিন ধৰি বৰাক উপত্যকাৰ তিনিখন জিলাৰ শিলচৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যলয়‌ৰ কামকাজ শিলচৰত ভাড়াঘৰতে চলি আহিছিল। এতিয়া দূধপাটিলত চৰকাৰে তিনি বিঘা মাটি প্ৰদান কৰাত বিভাগৰ স্থায়ী পৰীক্ষাগাৰ আৰু কাৰ্যালয় স্থাপনৰ সমস্যা দুৰ হ'ল। শিলচৰৰ এই পৰীক্ষাগাৰটো নিৰ্মাণ হৈ উঠিলে ৰাজ্য খনত থকা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ১১ টা আঞ্চলিক পৰীক্ষাগাৰৰ ভিতৰত শিলচৰৰটো পঞ্চম পৰীক্ষাগাৰ হ'ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande