পুনৰ শিক্ষকতাৰ নামত এজন টিউচন শিক্ষকে সানিলে কালিমা
পুনৰ শিক্ষকতাৰ নামত কালিমা হানিলে এজন টিউচন শিক্ষকে।
পুনৰ শিক্ষকতাৰ নামত এজন টিউচন শিক্ষকে সানিলে কালিমা


নগাঁও, ২১ নৱেম্বৰ (হি.স.): শিক্ষকতাৰ নামত কালিমা হানিলে এজন টিউচন শিক্ষকে। পুনৰ সংঘটিত হৈছে কিশোৰীক যৌন আতিশয্য চলোৱা এক নিকৃষ্ট ঘটনা। এইবাৰ ৰূপহী হাটত ৬০ বছৰৰ উৰ্দ্ধৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী।

এনে নিকৃষ্ট, নির্লজ্জ ঘটনা সংঘটিত হৈছে ৰূপহী হাটৰ পুথিখাইতীত। ৬০ বছৰীয়া শিক্ষক আব্দুল ছালামৰ বিৰুদ্ধে এগৰাকী কিশোৰী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, নিজৰ ঘৰতে কণ কণ ল'ৰা ছোৱালীক ধৰ্মীয় শিক্ষা দি আহিছিল। এই নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত ঘটনাস্থলিত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ আব্দুল ছালামক আটক কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande