
নগাঁও, ২১ নৱেম্বৰ (হি.স.)। ৰূপহীহাটত শতাধিক পৰিয়াললৈ উচ্ছেদ জাননী। ৰূপহীহাটৰ ভকতগাঁও গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদৰ জাননী।
গড়াজান উন্নয়ন খণ্ডৰ নামত আৱন্টিত ১২ বিঘা মাটি বেদখল। ছামগুৰি ৰাজহ চক্ৰ বিষয়াই অবৈধ বেদখলীক গ্ৰেজিং ৰিজাৰ্ভৰ ১২ নম্বৰ দাগৰ ৩৮ বিঘা মাটি ত্যাগ কৰাৰ বাবে জাননী জাৰী।
১৫ দিনৰ ভিতৰত শতাধিক বেদখলীয়ে ত্যাগ কৰিব লাগিব গ্ৰেজিং ৰিজাৰ্ভ। উন্নয়ন খণ্ডৰ নামত আৱন্টিত ১২ বিঘা মাটিতো অবৈধ বেদখলীৰ আগ্ৰাসন।
১৯৯৯ চনত ৰাজহ বিভাগে আৱন্টন দিয়া ভূমিতো বেদখলীয়ে গঢ়ি পাতিছে গাঁও। আনফালে উচ্ছেদৰ জাননী পোৱা ভকতগাঁৱত প্ৰাক্তন বিধায়ক আব্দুল আজিজে উপস্থিত হৈ কটাক্ষ কৰে কংগ্ৰেছক।
আজিজে কয় যে গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত উচ্ছেদ হোৱা বিষয়ে মাত মাতিব নোৱাৰিব। কিয়নো তেখেতৰ দেউতাক ২০১১ চনত আইন প্ৰণয়ন কৰি গৌৰৱ গগৈয়ে নাজানে নেকি বুলি প্ৰশ্ন আজিজৰ। অসমৰ সংখ্যালঘু লোকৰ বাবে বিগত ১৫ বছৰে কি কাম কৰি গৈছে বহুতেই জানে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া এটা সুযোগ পাইছে আৰু উচ্ছেদ কৰি গৈছে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা শিকিছে। উচ্ছেদৰ বাবে দায়ী কংগ্ৰেছ বুলি মন্তব্য প্ৰাক্তন বিধায়ক গৰাকীৰ। কংগ্ৰেছক ভোট দি অহাৰ পিছতো কিয় ভূমিৰ পট্টা দিয়া নাই বুলিও প্ৰশ্ন কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা