
শিৱসাগৰ, ২১ নৱেম্বৰ (হি.স.): শিৱসাগৰত যোৱা কালি বৃহস্পতিবাৰে নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ছুইফট ডিজায়াৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী এজন।
শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰূপহীমুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো। শিৱসাগৰ নগৰ অভিমুখে গৈ থকা এএছ ০৪ কে ২৯৪৬ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনত যোৰহাট অভিমুখে তীব্ৰ গতিত আহি থকা এএছ ০৪ এএফ ৭০৩৯ নম্বৰৰ বাজাজ পালচাৰ বাইকখনৰ মুখামুখি সংঘৰ্ষ হৈছিল। জয়সাগৰ আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাত বাইক আৰোহী মনাই শইকীয়া থিতাতে নিহত হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ।
আনহাতে ছুইফট ডিজায়াৰ বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় যদিও চালক দ্বীপজ্যোতি দাস কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে । ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হৈ নিহত আৰু আহতজনক উদ্ধাৰ কৰে । বাইক আৰোহী মহিলা গৰাকীক সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।বাইক আৰোহী মহিলাগৰাকীৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ কৰিব পৰা হোৱা নাই । নিৰ্মীয়মাণ অৱস্থাত থকা চাৰিলেনযুক্ত পথৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আশংকা প্ৰকাশ কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ