ৰঙিয়াত আলু আৰু মাকৈ বিপ্লৱৰ সূচনা কৰি দেখুৱাইছে আদৰ্শৰ পথ
কামৰূপ, ২১ নৱেম্বৰ (হি.স.)। সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাইছে ৰঙিয়াৰ দোদতিয়াৰ এগৰাকী আদৰ্শ খেতিয়কে । আলু আৰু মাকৈ বিপ্লৱৰ সূচনা কৰি আদৰ্শৰ পথ দেখুৱাইছে মুকুট আলী নামৰ কৃষক গৰাকীয়ে। প্ৰায় ৮০ বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিৰে আলু আৰু মাকৈৰ খেতি কৰি ম
ৰঙিয়াত আলু আৰু মাকৈ বিপ্লৱৰ সূচনা কৰি দেখুৱাইছে আদৰ্শৰ পথ


কামৰূপ, ২১ নৱেম্বৰ (হি.স.)। সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাইছে ৰঙিয়াৰ দোদতিয়াৰ এগৰাকী আদৰ্শ খেতিয়কে । আলু আৰু মাকৈ বিপ্লৱৰ সূচনা কৰি আদৰ্শৰ পথ দেখুৱাইছে মুকুট আলী নামৰ কৃষক গৰাকীয়ে। প্ৰায় ৮০ বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিৰে আলু আৰু মাকৈৰ খেতি কৰি মুকুট আলীয়ে প্ৰতি বছৰে ৩৫ লাখৰ পৰা ৪০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছে । তেওঁৰ উৎপাদিত আলু আৰু মাকৈ কামৰূপ, নলবাৰী, বাক্সা, মঙ্গলদৈ আৰু গুৱাহাটীৰ বজাৰত ব্যাপক চাহিদা থকা সামগ্ৰী হৈ পৰিছে । কেৱল নিজে স্বাৱলম্বী হৈ থকা নাই, মুকুট আলীৰ প্ৰেৰণাত আৰু পথ প্ৰদৰ্শনত আজি কেইবাখনো গাঁৱৰ আৰু ২০ টা পৰিয়ালে কৃষিকেই জীৱিকা হিচাপে বাছি লৈ স্বাৱলম্বী জীৱন গঢ়ি তুলিছে ।

এইগৰাকী খেতিয়কে প্ৰমাণ কৰিলে— কৃষি কেৱল খাদ্য যোগান নহয়, সন্মানজনক আৰু লাভজনক বৃত্তিও হ’ব পাৰে । শিক্ষিত যুৱক-যুৱতীসকলক তেওঁৰ আহ্বান— “চৰকাৰী চাকৰিৰ আশাত হাৰ নামানি মাটিৰ লগত জড়িত হওক । কষ্ট কৰিলে চাকৰিৰ দৰমহাতকৈ বহু গুণে অধিক উপাৰ্জন হ’ব । এই পথতেই আছে প্ৰকৃত স্বাৱলম্বিতা । কিন্তু এই সফলতাৰ মাজতো মুকুট আলীৰ মনত এক গভীৰ ক্ষোভ । আদৰ্শ খেতিয়ক হোৱাৰ পিছতো জলসিঞ্চন বিভাগৰ পৰা পানীৰ যোগান আৰু কৃষি বিভাগৰ পৰা সাৰ-বীজৰ সহায় একেবাৰেই নোপোৱা বুলি তেওঁ দুখ প্ৰকাশ কৰে । এই অভিযোগে প্ৰশ্ন উত্থাপন কৰে— যিসকলে সঁচাই দেশৰ অন্নদাতা, তেওঁলোকক চৰকাৰে কিমান গুৰুত্ব দিয়ে? মুকুট আলী এতিয়া কেৱল এজন খেতিয়ক নহয়, এটা প্ৰেৰণা । তেওঁৰ জীৱনে কয়— মাটিৰ সতে মিলি থাকিলে সংস্থাপনহীনতা নহয়, সমৃদ্ধি আহে । এইগৰাকী আদৰ্শ খেতিয়কৰ কাহিনী অসমৰ প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে এক উজ্জ্বল পৰিচয় পত্ৰ হৈ পৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande