
শোণিতপুৰ,২১নৱেম্বৰ (হি.স.)। অসমীয়া মানুহৰ সৌৰ্য্য বীৰ্য্যৰ চানেকি বীৰ লাচিত বৰফুকনৰ স্মৃতি দিৱসটো এইবাৰ অসম বুক অৱ ৰেকৰ্ড কৰাৰ উদ্দেশ্যৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহন কৰিছে জামুগুৰিহাটত ৷ চতিয়াৰ উদ্যমি যুৱ ব্যৱসায়ী নিৰজ নিশিম হাজৰিকাৰ একক উদ্যোগ আৰু ৰাইজৰ সহযোগত উদযাপতি কৰা হব এই লাচিত দিৱস ৷
মঙলবাৰে এক সংৱাদমেলৰ জৰিয়তে যুৱ ব্যৱসায়ী নিৰজ নিশিম হাজৰিকাই কয়-লাচিতৰ হেংদাঙ অসমীয়াৰ পৰাক্ৰমৰ প্ৰতীক আৰু শক্তিৰ প্ৰতীক ৷ নদুৱাৰ সমষ্টিৰ এহেজাৰ সুঠাম অসমীয়া যুৱকে ২৪ তাৰিখে এহেজাৰ হেংদাং হাতত লৈ লাচিতৰ ৰূপত প্ৰতিকী নাওত উঠি চতিয়াৰ পৰা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামুৰা পথাৰলৈ শোভাযাত্ৰা কৰিব ৷ এই উদ্দেশ্যৰে এহেজাৰখন হেংদাং আৰু বিশাল আকৃতিৰ এখন নাও তৈয়াৰ কৰা হৈছে ৷
নদুৱাৰ সমষ্টিৰ এহেজাৰ সুঠাম যুৱকে হেংদাঙ লৈ লাচিতৰ বেশত দহ সহস্ৰাধিক ৰাইজক লগত লৈ প্ৰায় ১৬ কিলোমিটাৰ পথ প্ৰতিকী নাওৰে শোভাযাত্ৰা কৰিব চতিয়াৰ পৰা জামুগুৰিহাটলৈ ৷ উক্ত কাৰ্যসুচীত টাই আহোম জাতীয় পৰিষদ আৰু আহোম জাতীয় মহাসভাৰ সদস্য সকলেও অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যমি যুৱক নিৰজনিশিম হাজৰিকাই ৷ উল্লেখ্য যে নিৰজনিশিম হাজৰিকা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একমাত্ৰ পুত্ৰ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা