
বৰপেটা, ২১ নৱেম্বৰ (হি.স.)। পৰ্বতঝোৰাত অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰ ভাবে আহত এজন যুৱক। কাজিগাঁও-টিপকাই সংযোগী পথৰ চিষ্টিত এই পথ দুৰ্ঘটনা সংঘটিত হয়।
আহত যুৱকগৰাকী ততাতৈয়াকৈ ডি এইছ চি এইছ লৈ প্ৰেৰণ কৰে টিপকাই আৰক্ষীয়ে। আহত যুৱকজন বৰপেটা ৰোডৰ আলমগীৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। যুৱকজন মংগলাঝোৰাৰ এখন পকী দলঙৰ নিৰ্মান কামত নিয়োজিত আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত হোৱা বাইক খনৰ নম্বৰ হৈছে এ এছ ১৫ পি ৬২৭৯। ঘটনাস্থলীত টিপকাই আৰক্ষী উপস্থিতহৈ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা