
নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। আজি পুৱা তিনিদিনীয়াকৈ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। যাত্ৰাৰ পূৰ্বে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ সম্পৰ্কক স্মৰণ কৰি তেওঁ কয় যে ভাৰতৰ ২০২৩ চনৰ জি-২০ ৰাষ্ট্ৰপতিত্বৰ সময়ত আফ্ৰিকান ইউনিয়নক সংস্থাটোৰ স্থায়ী সদস্য হিচাপে গঢ়ি তোলা হৈছিল। এতিয়া আফ্ৰিকা মহাদেশত অনুষ্ঠিত হ’বলগীয়া এই প্ৰথম জি-২০ সন্মিলন ভাৰতৰ বাবে গৌৰৱৰ বিষয়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ আমন্ত্ৰণত অহা ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া ২০ সংখ্যক জি-২০ নেতা সন্মিলনত অংশগ্ৰহণ কৰিব বুলি কয়। এই সন্মিলন হ’ব আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন জি-২০ সন্মিলন।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইবাৰৰ বিষয়বস্তু হৈছে সমতা, সংহতি, আৰু বহনক্ষমতা। ইয়াৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই নতুন দিল্লী আৰু ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা পূৰ্বৰ জি-২০ শীৰ্ষ সন্মিলনৰ সিদ্ধান্ত আগবঢ়াই নিছে। শীৰ্ষ সন্মিলনৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে, ‘‘বসুধৈৱ কুটুম্বকম’ আৰু ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মই শীৰ্ষ সন্মিলনত ভাৰতৰ দৃষ্টিভংগী উপস্থাপন কৰিম। এই দৃষ্টিভংগীয়ে বিশ্ব সহযোগিতা, সমতা, আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
এই ভ্ৰমণৰ সময়ত জি-২০ৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে আই বি এছ এ (ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা)ৰ ষষ্ঠ সন্মিলনতো অংশগ্ৰহণ কৰিব আৰু আন দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। এই বৈঠকসমূহত অৰ্থনৈতিক সহযোগিতা, জলবায়ু পৰিৱৰ্তন, শক্তি সুৰক্ষা, আৰু বিশ্ব শান্তিৰ দৰে মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ আফ্ৰিকাত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় কৰিব। এই সম্প্ৰদায়টো ভাৰতৰ বাহিৰৰ অন্যতম বৃহৎ প্ৰবাসী সম্প্ৰদায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰবাসী জনগোষ্ঠীৰ অভিজ্ঞতা আৰু অৱদানসমূহ বুজিব আৰু তেওঁলোকৰ সমস্যা আৰু কৃতিত্বৰ বিষয়ে আলোচনা কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ