
গোলাঘাট, ২১ নৱেম্বৰ (হি.স.)। নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাঞ্জল শৰ্মা নামৰ এজন নিহত। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত কমাৰগাঁৱৰ আৰক্ষী থানাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ ০১ডিটি-২৩০৬ নম্বৰৰ এখন বাহন দুৰ্ঘটনাত পতিত হয়৷
বাহন খনত অহা দুয়োজন যাত্ৰী ডিব্ৰুগড়, লাচিত নগৰৰ পতি-পত্নী প্ৰাঞ্জল শৰ্মা আৰু নিৰ্মালী দাস আঘাটপ্ৰাপ্ত হয়। লগে লগে ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ ততাতয়াকৈ দুয়োকে আৰক্ষীয়ে নিজ বাহনেৰে কমাৰগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে প্ৰাঞ্জল শৰ্মা (৪২)ৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা