দলগাঁৱত গাঞ্জা জব্দ, এজনক আটক
দৰং, ২১ নৱেম্বৰ (হি.স.)। দলগাঁৱত গাঞ্জা জব্দ, এজনক আটক৷ দৰঙৰ দলগাঁৱৰ ৫ নং বৰুৱাঝাৰত ১০ কেজি গাঞ্জাৰ সৈতে এজনক আটক কৰা হয়৷ দলগাঁও থানাৰ আৰক্ষীয়ে আজি এক গোপন সূত্ৰ পম খেদি গাঞ্জাৰ সৈতে এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰৌতাৰ দিশৰ পৰা ব
দলগাঁৱত গাঞ্জা জব্দ, এজনক আটক


দৰং, ২১ নৱেম্বৰ (হি.স.)। দলগাঁৱত গাঞ্জা জব্দ, এজনক আটক৷ দৰঙৰ দলগাঁৱৰ ৫ নং বৰুৱাঝাৰত ১০ কেজি গাঞ্জাৰ সৈতে এজনক আটক কৰা হয়৷ দলগাঁও থানাৰ আৰক্ষীয়ে আজি এক গোপন সূত্ৰ পম খেদি গাঞ্জাৰ সৈতে এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ৰৌতাৰ দিশৰ পৰা বাছ এখনত আহি বেছিমাৰীত বাছৰ পৰা নামি খোজ কাঢ়ি গৈ থকা অৱস্থাত ১০ কেজি গাঞ্জাৰ সৈতে ৰফিকুল ইছলাম নামৰ যুৱক এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ৰফিকুল ইছলামৰ ঘৰ ৰৌতা ঝাৰগাঁৱত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande