
কাছাৰ, ২১ নৱেম্বৰ (হি.স.)। শিলচৰ মালুগ্ৰামত দীৰ্ঘদিন ধৰি স্থানীয় লোকসকলক উচ্চ হাৰে সুদ দি শোষণ চলাই অহা অভিযোগত এজন কুখ্যাত সুদখোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আটক ব্যক্তিজন সুমন নাথ বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি, সুমনে বহুদিন ধৰি এলেকাত বেআইনীভাৱে সুদীয়া ব্যৱসায় চলাই আহিছিল আৰু অসংখ্য পৰিয়ালক মানসিক অত্যাচাৰত কৰি আহিছিল।
অভিযোগকাৰী এগৰাকী মহিলাই জানায় যে, তেওঁ ১ লাখ টকা লোৱাৰ পিছত অভিযুক্তই অস্বাভাবিকভাৱে ৫ লাখ টকা পর্যন্ত সুদ দাবী কৰিছিল। অভিযোগ অনুসৰি ধন ঘূৰাই দিব নোৱাৰিলে সুমনে ঘনেঘনে ঘৰলৈ গৈ ধমকি, অপমান আৰু মানসিক চাপ সৃষ্টি কৰিছিল। এই অত্যাচাৰত মহিলা তথা পৰিয়ালে অতিষ্ঠ হৈ শেষত আৰক্ষীৰ ওচৰ চাপে।স্থানীয় লোকজনৰ মতে, সুমন নাথ বহুদিন ধৰি একে ধৰণে এলেকাৰ বহু ব্যক্তিক শোষণ কৰি আহিছিল। টকাৰ বিনিময়ত অস্বাভাবিক উচ্চ সুদ লোৱা, সময়মতে দিয়া নোপাওঁতেই অশালীন ভাষাৰে ধমকি দিয়া আৰু পৰিয়াল সদস্যকও হয়ৰান কৰা অভিযুক্তজনৰ নিয়মীয়া অভ্যাস আছিল বুলি স্থানীয়ৰ অভিযোগ।অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মালুগ্ৰাম অঞ্চলত অভিযান চলাই সুমন নাথক আটক কৰে। আৰক্ষী উৎসৰ পৰা জানিব পৰা মতে, ঘটনাটোৰ সম্পূৰ্ণ তদন্ত আৰম্ভ হৈছে আৰু সুদীয়া চক্র সম্পৰ্কে অধিক তথ্য সংগ্ৰহ কৰা হৈছে। এলেকাৰ লোকজনৰ আশা—এই গ্ৰেপ্তাৰে এলাকায় দীর্ঘদিন ধৰি চলি অহা সুদখোৰ সমস্যাৰ সমাধানৰ পথ সুগম হ'ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ