২০৩০ চনৰ ভিতৰত অসমে ৭ লাখ মেট্ৰিকটন মাছ উৎপাদন কৰিবলৈ সক্ষম হ’ব
Assam, 21 নৱেম্বৰ (হি.স.)। ২০৩০ চনৰ ভিতৰত অসমে ৭লাখ মেট্ৰিকটন মাছ উৎপাদন কৰিবলৈ সক্ষম হ’ব আৰু মাছৰ ক্ষেত্ৰত অসম স্ব-নিৰ্ভৰশীল হ’ব৷ তাৰবাবে মীন বিভাগে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এই মন্তব্য মীন মন্ত্ৰী তথা নগাঁও জিলা অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পা
২০৩০ চনৰ ভিতৰত অসমে ৭লাখ মেট্ৰিকটন মাছ উৎপাদন কৰিবলৈ সক্ষম হ’ব আৰু মাছৰ ক্ষেত্ৰত অসম স্ব-নিৰ্ভৰশীল হ’ব৷


২০৩০ চনৰ ভিতৰত অসমে ৭লাখ মেট্ৰিকটন মাছ উৎপাদন কৰিবলৈ সক্ষম হ’ব আৰু মাছৰ ক্ষেত্ৰত অসম স্ব-নিৰ্ভৰশীল হ’ব৷


Assam, 21 নৱেম্বৰ (হি.স.)। ২০৩০ চনৰ ভিতৰত অসমে ৭লাখ মেট্ৰিকটন মাছ উৎপাদন কৰিবলৈ সক্ষম হ’ব আৰু মাছৰ ক্ষেত্ৰত অসম স্ব-নিৰ্ভৰশীল হ’ব৷ তাৰবাবে মীন বিভাগে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এই মন্তব্য মীন মন্ত্ৰী তথা নগাঁও জিলা অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ৷ আজি শুক্ৰবাৰে নগাঁৱৰ ৰহা মীন মহাবিদ্যালয়ত অনুষ্ঠিত ’বিশ্ব মীন দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মীন মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ মীন আাইনখন মানি চলিলে অহা দুই বছৰত অসমত মাছ উভৈনদী হৈ পৰিব৷ তাৰবাবে মীন আইন অনুসৰি এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈকে তথা প্ৰজননৰ সময়ত বিল জলাশয়ত মাছ নামৰিবলৈ সকলোকে আহ্বান জনায়৷ দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই বিশ্ব মীন দিৱসত মন্ত্ৰীগৰাকীয়ে এক চেমিনাৰতো অংশগ্ৰহণ কৰে৷ ইয়াৰ আগতে মন্ত্ৰীগৰাকীয়ে মীন মহাবিদ্যালয়ৰ নৱনিৰ্মীত অতিথিশালা, পৰীক্ষাগাৰ, পুথিভড়াৰ আৰু মীন দিৱসৰ উপলক্ষে উলিওৱা এক প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে৷ এই বিশ্ব মীন দিৱসতে কেইবাগৰাকীও উদ্যমী মীনপালকক সম্বৰ্ধনা জনোৱা হয়৷উলেখ্য যে অনুষ্ঠানটোত উপস্থিত থাকে মিন বিভাগৰ সঞ্চালক গৌৰি শংকৰ দাসৰ লগতে শুদিপ্ত কুমাৰ মাজি,বিৰেন কুমাৰ শৰ্মা আৰু শুদেন্দু অধিকাৰী।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande