
যোৰহাট, ২১ নৱেম্বৰ (হি.স.)। যোৰহাটৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ সৈনিক ভৱনত আজি দিন যোৰা কাৰ্যসূচীৰে প্ৰতিৰক্ষা একাউণ্ট নিয়ন্ত্ৰক গুৱাহাটী চমুকৈ স্পৰ্ছৰ আউটৰিচ কাৰ্যসূচী অনুষ্ঠিত হয়।
এই প্ৰি-ইভেণ্ট পদক্ষেপৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰসকলে সন্মুখীন হোৱা পেঞ্চন সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ সুবিধা প্ৰদান কৰা, । অনলাইন জীৱন প্ৰমাণপত্ৰ দাখিল কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
যোৰহাট জিলা আৰু ওচৰৰ অঞ্চলত বাস কৰা প্ৰতিৰক্ষা পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰসকলক তেওঁলোকৰ সমস্যা সমাধানৰ বাবে এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু