
নগাঁও, ২১ নৱেম্বৰ (হি.স.)। কলিয়াবৰৰ সোণাৰী গাৱঁৰ মিৰিভেটি গাৱঁৰ দুগৰাকীকৈ বিবাহপাশত আবদ্ধ হোৱা ব্যক্তি তপাহলা বাগানৰ এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত ধৰা পৰাৰ পিছত স্থানীয় ৰাইজৰ ৰোষত পৰে। মহিলাগৰাকী স্বামী কৰ্মসুত্ৰে বহিৰাজ্যত থকাৰ সুবিধা লৈ দুবাৰকৈ বিবাহিত দুটি সন্তানৰ পুৰুষজনে মহিলাগৰাকীৰ লগত চলাই আহিছিল অবৈধ প্ৰেম।বেচেৰাকিতাৰ আছিল দিন বেয়া। দুয়োজন একেখন বিচানাতে অসংযত অৱস্থাত থাকোতে ধৰা পৰা ৰাইজৰ ৰোসত ।ৰাইজে উত্তম-মাধ্যম সোধাই চমজাই দিয়ে জখলাবন্ধা আৰক্ষী।দুয়ো এতিয়া পৃথকে পৃথকে জখলাবন্ধা আৰক্ষীৰ লকাপত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ